লখিমপুৰত ২০ৰ পৰা ২৩ নৱেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱ
লখিমপুৰ,১৮ নৱেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো ২০ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত হ'ব। আজি এখন সংবাদ মেল যোগে এই কথা সদৰী কৰে লখিমপুৰ জিলা স্বাস্থ্য বিভাগে। তেওঁলোকে জানিবলৈ দিয়া মতে লখিমপুৰ জিলাত এখন মহকুমা অসামৰিক চিকিৎসালয়, ৯ খন সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু ২৯ খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰকে ধৰি সৰ্বমুঠ ৩৯ খন চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ'ব। এই সময়ছোৱাত দৈনিক ১৩ খনকৈ চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱৰ মূল্যায়ণ চলিব। মূল্যায়ণ কৰিবৰ হেতু লখিমপুৰ জিলাৰ বিষয়া পৰ্যায়ৰ ৩৯ জন মূল্যায়ণকাৰীক নিয়োগ কৰা হৈছে। এই সকল মূল্যায়ণকাৰীৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ১৩ জন চিকিৎসকেও মূল্যায়ণকাৰীৰ ভূমিকা পালন কৰিব। ইয়াৰোপৰি লখিমপুৰ আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ক্ৰমে মানৱ ডেকা আৰু ডাঃ অমিয় কুমাৰ ভূঞাই মূল্যায়নকাৰী হিচাপে নিৰ্দিষ্ট চিকিৎসালয়ত উপস্থিত থাকিব। তদুপৰি ৰাজ্যিক পৰ্যায়ৰ পৰা ৭ জন মূল্যায়ণকাৰীক অসম চৰকাৰে নিয়োগ কৰিছে। এই সকল ক্ৰমান্বয়ে চৈয়দ মহম্মদ জাহিদ ক্ৰিষ্টি (অতিৰিক্ত সচিব, শক্তি বিভাগ), ধর্মকান্ত মিলি (অতিৰিক্ত সচিব, জনস্বাস্থ্য কাৰিকৰী বিভাগ), ভূপেন চন্দ্র দাস (যুটীয়া সচিব, জনজাতি কল্যাণ বিভাগ), আনন্দ মিশ্ৰ (আৰক্ষী অধীক্ষক, লখিমপুৰ জিলা), জয়ন্ত বৰুৱা (অতিৰিক্ত আৰক্ষী অধীক্ষক, লখিমপুৰ জিলা), লৱকান্ত ডেকা (অতিৰিক্ত আৰক্ষী অধীক্ষক, লখিমপুৰ জিলা), মুনীন্দ্ৰ নাথ দেউৰী (অতিৰিক্ত আৰক্ষী অধীক্ষক, লখিমপুৰ জিলা)। সমূহ কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে লখিমপুৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৰাইজ তথা সাংবাদিক সকলকৰ সহযোগিতা কামনা কৰিছে।

0 Comments:
Post a Comment