গুৱাহাটী,৫ নবেম্বৰঃ আজি সুধাকণ্ঠ, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী। অসমী আইৰ বুকু শুদা কৰি ১২ বছৰ পূৰ্বে আজিৰ দিনটোতেই ভাৰতৰ সংগীত জগতৰ অন্যতম নক্ষত্ৰ ভূপেন হাজৰিকাই জীৱনৰ মায়া এৰি গুচি গৈছিল। ২০১১ চনৰ ৫ নৱেম্বৰত মুম্বাইস্থিত কোকিলাবেন হাস্পতালৰ পৰা আহিছিল অসম আৰু অসমীয়াৰ হৃদয় ভাঙি যোৱা সেই অনাকাংশিত খবৰটো। বিশ্ববৰেণ্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি স্মৰণ কৰা হ'ব অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক। যিগৰাকী শিল্পী অবিহনে অসমীয়াৰ পৰিচয় আধৰুৱা সেইগৰাকী মহান শিল্পীৰ কালজয়ী গীতেৰে দেওবাৰে মুখৰিত হৈ থাকে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে ভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলী জনায় গণশিল্পীগৰাকীক।
দ্বাদশ মৃত্যু বাৰ্ষিকীত জাতিয়ে স্মৰণ কৰিলে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক
গুৱাহাটী,৫ নবেম্বৰঃ আজি সুধাকণ্ঠ, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী। অসমী আইৰ বুকু শুদা কৰি ১২ বছৰ পূৰ্বে আজিৰ দিনটোতেই ভাৰতৰ সংগীত জগতৰ অন্যতম নক্ষত্ৰ ভূপেন হাজৰিকাই জীৱনৰ মায়া এৰি গুচি গৈছিল। ২০১১ চনৰ ৫ নৱেম্বৰত মুম্বাইস্থিত কোকিলাবেন হাস্পতালৰ পৰা আহিছিল অসম আৰু অসমীয়াৰ হৃদয় ভাঙি যোৱা সেই অনাকাংশিত খবৰটো। বিশ্ববৰেণ্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি স্মৰণ কৰা হ'ব অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক। যিগৰাকী শিল্পী অবিহনে অসমীয়াৰ পৰিচয় আধৰুৱা সেইগৰাকী মহান শিল্পীৰ কালজয়ী গীতেৰে দেওবাৰে মুখৰিত হৈ থাকে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে ভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলী জনায় গণশিল্পীগৰাকীক।
.jpeg)
0 Comments:
Post a Comment