নেপালত পুনৰ প্ৰৱল ভূমিকম্প, শাতাধিক লোক নিহত


নিউজ ডেক্স,৪ নবেম্বৰঃ নেপালত পুনৰ ভূমিকম্প। শুকুৰবাৰে নিশা অহা ভূমিকম্পত পুনৰ ধ্বংসলীলা চলিল চুবুৰীয়া ৰাষ্ট্ৰ নেপালত। ৰিখটাৰ স্কেলত ৬.৪ তীব্ৰতাৰ এই ভূমিকম্পৰ প্ৰভাৱ পৰিল ভাৰতৰ ৰাজধানী দিল্লী পৰ্যন্ত। প্ৰায় ৪০ ছেকেণ্ড ধৰি অব্যাহত থকা এই ভূমিকম্পৰ ফলত শ শ বাসগৃহকে ধৰি অন্যান্য প্ৰতিষ্ঠানৰ গৃহ ধ্বংস হৈছে। ফলত শতাধিক লোক নিহত হোৱাৰ লগতে বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইফালে এই ভূমিকম্পৰ পাছতে নেপালত ভূমিকম্পৰ কেইবাটাও জোকাৰণি অনুভূত হৈছে। ভূমিকম্প আৰু ইয়াৰ পাছত হোৱা জোকাৰণিত ক্ষয় ক্ষতিৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। এই ভূমিকম্পই সকলোৰে মনত ২০১৫ চনৰ ২৫ এপ্ৰিলত অহা ভূমিকম্পৰ স্মৃতি সজীৱ কৰি তুলিছে। য'ত ৯০০০ লৈ লোকৰ মৃত্যু হৈছিল। ইয়াৰোপৰি আহত হৈছিল ২২ হাজাৰতকৈ অধিক লোক। গৃহহীন হৈছিল ৩৫ লাখৰো অধিক লোক। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞানৰ অনুসৰি শুকুৰবাৰৰ নিশা ১১ বাজি ৩২ মিনিটত অহা এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল নেপালৰ অযোধ্যাৰ পৰা ২২৭ কিলোমিটাৰ উত্তৰ দিশে আৰু কাঠামাণ্ডুৰ পৰা ৩৩১ কিলোমিটাৰ পশ্চিম, উত্তৰ পশ্চিম দিশে ভূগৰ্ভৰ পৰা ১০ কিলোমিটাৰ তলত। ভাৰতৰ ৰাজধানী দিল্লীতো অনুভৱ হোৱা এই ভূমিকম্পৰ ফলত লোকসকল বাসগৃহ এৰি মুকলি স্থানলৈ ওলাই অহা বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি উত্তৰ প্ৰদেশ, লক্ষ্ণৌ, ফিৰোজাবাদ, আমেঠি, প্ৰতাপগড়, গৌৰখপুৰকে ধৰি বিভিন্ন স্থানত কম্পন অনুভৱ হয়। উল্লেখ্য যে চলিত মাহত এয়া আছিল নেপালত অহা তৃতীয়টো ভূমিকম্প। নেপালত ভূমিকম্প কোনো নতুন কথা নহয়। সময়ে সময়ে নেপালত ভূমিকম্প আহি থাকে। কেতিয়াবা এই ভূমিকম্পই বিস্তৰ ক্ষতি কৰে আৰু কেতিয়াবা কোনো ক্ষতি নকৰাকৈ ভূমিকম্পৰ জোকাৰণিৰে পূৰ্বৰ ভয়াৱহতাৰ কথা সোঁৱৰাই থৈ যায়।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment