শিক্ষাৰ্থী সবলীকৰণ কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় বক্সাৰ অভিজিৎ বৰুৱা
হাওৰাঘাট,৬ নৱেম্বৰঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটস্থিত হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতন পৰিচালনা সমিতিৰ উদ্যোগত আৰু আধ্যাত্মিক পুন: জাগৰণ সংস্থান, উত্তৰ পূব, গুৱাহাটীৰ সহযোগত ৫ নৱেম্বৰৰ পৰা হাওৰাঘাটত তিনিদিনীয়া কাৰ্যসূচীৰে শিক্ষাৰ্থী সবলীকৰণ শিবিৰ অনুষ্ঠিত কৰা হয় । এই শিক্ষাৰ্থী সবলীকৰণ শিবিৰৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ খেলুৱৈ তথা গ্ৰীনিজ বুকত দুবাৰকৈ নিজৰ নাম উজ্বলাবলৈ সক্ষম হোৱা যোৰহাটৰ অভিজিৎ বৰুৱা। তেওঁ অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি সাৰগৰ্ভ ভাষণ ৰাখে। ইপিনে কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা দহ বজাত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যোগগুৰু ড° গৌতম চৌধুৰীয়ে শিক্ষাৰ্থী সবলীকৰণ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলক ভাৱাতীত ধ্যান আৰু সংস্কাৰ সম্পৰ্কে সুন্দৰভাৱে বুজায় কয় । যোগগুৰু ড° গৌতম চৌধুৰীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি মনোযোগ কম হোৱা, অত্যধিক চাপৰ পৰা মুক্ত কেনেকৈ হ'ব পাৰি, চিন্তিত, হতাশাগ্ৰস্তৰ পৰা মুক্তি কেনেকৈ হ'ব পাৰি, ব্যক্তিত্ব কেনেকৈ বিকাশ ঘটাব পাৰি, ইতিবাচক চিন্তা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত জীৱনৰ কেৰিয়াৰ কেনেকৈ গঢ় দিব পাৰি ইত্যাদি ইত্যাদি সম্পৰ্কে ব্যাখ্যা কৰে । অঞ্চলটোৰ দহখন বিদ্যালয়ৰ ৮৫০ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকসহ প্ৰায় ৯০০ লোকেৰে সমাগম হোৱা অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ অভিজিৎ বৰুৱা, যোগগুৰু ড° গৌতম চৌধুৰী, হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য বিমল ধৰ, সমাজ কৰ্মী ৰাজেন বৰা, কল্পনা কৰা, ভৱেশ ৰাজবংশী, মোলান লস্কৰ, অশোক হাঞ্চু আদি উপস্থিত থাকে ।

0 Comments:
Post a Comment