ৰঙানদী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰথমখন বিশাল গণ সমাবেশ


লখিমপুৰ,৭ নৱেম্বৰঃ নৱ-গঠিত ৰঙানদী সমষ্টিৰ লালুক গণ ভৱনৰ খেলপথাৰত আজি বিজেপিৰ প্ৰথমখন গণসমাবেশ অনুষ্ঠিত হয়। বিজেপিৰ লখিমপুৰ জিলা সমিতিৰ তত্ত্বাৱধানত নাওবৈচা আৰু কৰুনাবাৰী মণ্ডল বিজেপিৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰথমখন বিশাল গন সমাবেশত সমষ্টিটোৰ হাজাৰ হাজাৰ লোক অংশ গ্ৰহণ কৰে। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকঃক্ষণত অনুষ্ঠিত হোৱা এই সমাবেশে নতুনকৈ গঠন হোৱা সমষ্টিটোৰ বাবে বিশেষ তাৎপৰ্য বহন কৰিছে। এই বিশাল জন সমাবেশত মন্ত্ৰী পিযুষ হাজৰিকা, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভুঞা, লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফনীধৰ বৰুৱা, অসম চৰকাৰ যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকা, বিজেপিৰ কৃষাণ মৰ্চাৰ ৰাজ্যিক সদস্য জগদীশ গুপ্তাকে ধৰি কেইবাগৰাকী বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে। সভাত সাংসদ প্ৰদান বৰুৱাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। সভাত সাংসদগৰাকীয়ে নিজা সমষ্টিৰ চাৰিসীমাটোকে চিনি নোপোৱা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৰাইজৰ হৈ কি কাম কৰিব বুলি মন্তব্য কৰে। বৰ্তমান নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহে সমষ্টিটোৰ অতি ভিতৰুৱা আৰু বানপীড়িত অঞ্চল নাওবৈচাৰ গেলাহাটী, বলমা, খেৰখাটি আদি অঞ্চলৰ কথা বুজি নাপায় বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে। সভাত  সাংসদ গৰাকীয়ে কংগ্ৰেছৰ লগতে ৰাইজৰ দল, অসম জাতীয় পৰিষদকো তীব্ৰ সমালোচনা কৰে। সভাত মন্ত্ৰী পিযুষ হাজৰিকাই বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ উন্নতিৰ হকে কাম কৰি থকাৰ কথা উল্লেখ কৰি চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি সমুহৰ কথা ৰাইজৰ সন্মুখত ব্যক্ত কৰে৷ মন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰৰ দিনত অসমৰ হাজাৰ হাজাৰ নিৱনুৱা যুৱক যুৱতীয়ে নিজা দক্ষতাৰ বলত এটকাও খৰচ নকৰাকৈ চাকৰি লাভ কৰাৰ কথা ভাষনত উল্লেখ কৰে। লগতে কয় যে আগন্তুক ছয়মাহৰ ভিতৰত আৰু ১৫ হাজাৰ আৰু আঢ়ৈ বছৰৰ ভিতৰত বহু হাজাৰ নিৱনুৱা যুৱক যুৱতীক এইখন চৰকাৰে পুনৰ চাকৰি দিব। ১৪০০ টকাকৈ অৰুণোদয় আচঁনিৰ ধন বৃদ্ধি কৰাৰ কথাও মন্ত্ৰী গৰাকীয়ে সভাত ব্যক্ত কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে কংগ্ৰেছৰ দিনত নগৰ চহৰ অঞ্চলৰ ডাঙৰ ডাঙৰ মানুহৰ দুখন তিনিখন গাড়ী থকা ঘৰৰ ল'ৰাই চাকৰি পাইছিল। কিন্তু এতিয়া এই পৰিবেশ সলনি হৈছে৷ বিজেপিৰ দিনত সৰ্বসাধাৰণ ৰাইজৰ দক্ষতাপূৰ্ণ যুৱক যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই। মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১২ খন আসন আৰু বিধান সভা নিৰ্বাচনত ১০০ খন আসন লাভ কৰিব বুলি মন্তব্য কৰে৷ মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰে৷ সভাত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভুঞাই ভাষন প্ৰদান কৰি বিজেপি চৰকাৰৰ জনহিতকৰ কামৰ কথা ৰাইজক অৱগত কৰে৷


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment