২০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ লখিমপুৰ চেলেঞ্জ নৈশ ফুটবল প্ৰতিযোগিতা
লখিমপুৰ,১৬ নৱেম্বৰঃ লখিমপুৰ নকাৰী ক্লাৱৰ ৭৫বছৰীয়া জন্ম জয়ন্তী উপলক্ষে লখিমপুৰ জিলা ক্ৰীড়া সংস্থাই নকাৰী ক্লাবৰ সহযোগিতাত অহা ২০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ উত্তৰ পূব ভাৰতৰ ভিৰ্তিত এখন আমন্ত্ৰণমূলক নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। লখিমপুৰ চেলেঞ্জ নৈশ ফুটবল প্ৰতিযোগিতা নামেৰে নামাকৰণ কৰা উক্ত ফুটবল প্ৰতিযোগিতাত উত্তৰ পূব ভাৰতৰ ১৪টাকৈ দলে অংশ গ্ৰহণ কৰিব। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত আজি জিলা ক্ৰীড়া সংস্থাৰ উদ্যোগত আয়োজিত এখন সংবাদমেলত সংস্থাৰ কাৰ্যকৰি সভাপতি লটিফুল হুছেইন বৰুৱা, খেল আয়োজক সমিতিৰ কাৰ্যকৰি সভাপতি দীপক ছেত্ৰী, ক্ৰীড়া সংস্থাৰ যুটীয়া সম্পাদক ভাস্কৰ চাবুকধৰা, নকাৰী ক্লাৱৰ সম্পাদক চাজ আহমেদ আৰু দীপাংকৰ তামুলী ফুকনে এই কথা সদৰি কৰে। তেওঁলোকে কয় যে প্ৰায় ১৬ লাখ টকা ব্যয় সাপেক্ষে এই ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হ'ব লগা এই ফুটবল প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে খেল পথাৰখন সজাই পৰাই তুলি এখন ষ্টেডিয়ামৰ ৰূপ দিয়া হৈছে। আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে এই প্ৰতিযোগিতাত মুঠ ১৩ খন খেল অনুষ্ঠিত হব আৰু প্ৰতিযোগিতাত ১৪ টা দলে অংশ গ্ৰহণ কৰিব। প্ৰতিযোগিতাখনিৰ চেম্পিয়ন দলক শিক্ষাবিদ প্ৰয়াত গোবিন্দ মোহন ডেকা সোঁৱৰণী বঁটা আৰু খেলুৱৈ ক্ৰীড়া সংগঠক শৈলেণ্ড নাথ চেলেঙ (ননী চেলেং )ৰ সোঁৱৰণত ৰানাৰ্ছ আপ দলক ৫০ হেজাৰ টকা বঁটা হিচাপে আগবঢ়োৱা হ'ব। লগতে শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গ'লকিপাৰ আদি বঁটা প্ৰদানৰ ব্যৱস্থাও কৰা হ'ব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে।

0 Comments:
Post a Comment