বাইথ সমাজৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষত "মা" অনুষ্ঠানৰ ৩৩সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান
লখিমপুৰ,১৬ নৱেম্বৰঃ লখিমপুৰ জিলাৰ বগীনদী আঞ্চলিক বাইথ' সমাজৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু "মা" নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ ৩৩ সংখ্যক বৰ্ষপূৰ্তি তথা ২৪৩ সংখ্যক সজাগতা সভা আৰু সেৱা অনুষ্ঠানটি ১৮ নৱেম্বৰত বগীনদীৰ গজাই মনাই ক্ষেত্ৰত অনুষ্ঠিত কৰা হ'ব। আজি সংবাদমেল যোগে এই কথা সদৰি কৰে বাইথ উদযাপন সমিতিৰ উপদেষ্টা ধীৰেন সোণোৱাল, সাধাৰণ সম্পাদক মজিন সোণোৱাল, বাইথ সমাজৰ মূল সমিতিৰ সম্পাদক গোপীনাথ সোণোৱাল, সভাপতি চেনিৰাম সোনোৱাল আৰু উপদেষ্টা যুগল হাজৰিকাই। তেওঁলোকে কয় যে সোণোৱাল কছাৰী সকলৰ বাইথ সমাজৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ অন্তত অহা ১৮ নৱেম্বৰত ৰূপালী জয়ন্তীৰ কাৰ্যসূচীৰ অংশ হিচাপেই স্বেচ্ছাসেৱী অনুষ্ঠান "মা"ৰ ৩৩ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বাইথ সমাজে জানিবলৈ দিয়া মতে ২০২৪ৰ মাৰ্চ মাহত ৰূপালী জয়ন্তী অনুষ্ঠানৰ সামৰণি পৰিব। মাৰ্চ মাহৰ ১৮, ১৯ আৰু ২০ তাৰিখে উক্ত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰি এই ৰূপালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ হিচাপেই মা অনুষ্ঠানৰ বৰ্ষপূৰ্তিৰ আয়োজন কৰিছে। সংবাদ মেলত "মা" অনুষ্ঠানৰ পৃষ্ঠপোষক, সমাজকৰ্মী গোবিন বৰদলৈয়ে অনুষ্ঠানৰ সন্দৰ্ভত কয় -"মাতৃ -পিতৃ সকলক শ্ৰদ্ধা জনোৱাৰ লগতে উঠি অহা প্ৰজন্মক পিতৃ মাতৃৰ প্ৰতি শ্ৰৰ্দ্ধাশীল হবলৈ সজাগ কৰাৰ উদ্দেশ্যেৰেই এইবাৰ ৩৩ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এইবাৰৰ ২৪৩ সংখ্যক "মা" অনুষ্ঠানত ২০০ গৰাকী মাতৃ আৰু ৪৩ গৰাকী পিতৃক শ্ৰদ্ধা জনোৱাৰ প্ৰস্তুতি চলাইছে । এই বৰ্ষপূৰ্তি অনুষ্ঠানত "শ্ৰৱণ কুমাৰ বঁটা ২০২৩ আৰু শ্ৰেষ্ঠ আদৰ্শ পুত্ৰ বঁটা ২০২৩ প্ৰদানৰ কথাও ঘোষণা কৰে। সেই অনুসৰি ২০২৩ বৰ্ষৰ শ্ৰৱণ কুমাৰ বঁটা লক্ষীৰাম নাথলৈ ১৮ নৱেম্বৰৰ মা অনুষ্ঠানত আগবঢ়োৱা হ'ব। উক্ত বঁটা প্ৰদান কৰিব অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই। এই বঁটাত আছে "মা" অনুষ্ঠানৰ মুকুট, গামোচা, চেলেং, প্ৰসংশা পত্ৰ, এটা স্মাৰক, এখন কাঠৰ শৰাই আৰু নগদ ১৫,৫৫৫ টকা। আনহাতে শ্ৰেষ্ঠ আদৰ্শ পুত্ৰ বঁটা আগবঢ়োৱা হৈছে শিক্ষক ওম প্ৰকাশ তিৱাৰীলৈ। এই বঁটাটো নগদ ৫,৫৫৫ টকাৰ লগতে অন্যান্য সন্মানেৰে সন্মানিত কৰা হ'ব। এই বঁটা প্ৰদান কৰিব সোণোৱাল কছাৰী স্বায়ত্ব পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে।

0 Comments:
Post a Comment