গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ


গুৱাহাটী,১৪ ডিচেম্বৰঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বৈঠকত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গুৱাহাটী পৌৰ নিগম, অম্ৰুট, অসম নগৰীয়া পানীযোগান আৰু পয় প্ৰণালী পৰিষদ, পৌৰ প্ৰশাসন সঞ্চালকালয়,  নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয় তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী কোষৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে। আজিৰ বৈঠকত মূলতঃ মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনি, স্বচ্চ ভাৰত মিছন [নগৰীয়া], ৰাজ্যৰ বিভিন্ন নগৰাঞ্চলৰ পানী যোগান প্ৰকল্প,  পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ একীকৃত ৱেৱ পৰ্টেল, টাউন হলৰ নিৰ্মাণ, চাফাই কৰ্মীসকলৰ বাবে আৱাসগৃহ নিৰ্মাণ, প্ৰধানমন্ত্ৰী আৱাস যোজনা [নগৰীয়া], অনলাইন গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান ব্যৱস্থা আদি বিভিন্ন দিশৰ খৰচি মাৰি পৰ্যালোচনা কৰে৷ বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন আৰু পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালো উপস্থিত থাকে। আনহাতে, জলসিঞ্চন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত আজিৰ দিনটোৰ আন এখন বৈঠকত মন্ত্ৰী সিংহলে জলসিঞ্চন বিভাগৰ শেহতীয়া কাম-কাজসমূহৰ পৰ্যালোচনা কৰে৷ বিভাগটোৰ বিভিন্ন শাখাৰ অতিৰিক্ত মুখ্য অভিযন্তাসকলক নিয়মীয়াকৈ ক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ সংশ্লিষ্ট জিলাসমূহত চলি থকা জলসিঞ্চন বিভাগৰ আঁচনিসমূহৰ পৰ্যালোচনা, বিকল হৈ থকা আঁচনিসমূহ পুনৰুজ্জীৱিতকৰণ, নতুন আঁচনিৰ পৰিকল্পনা যুগুত, প্ৰতিখন জিলাৰ বিস্তৃত জলসিঞ্চন পৰিকল্পনা প্ৰস্তুত, বছৰৰ সকলো ঋতুতে ৰাজ্যৰ নদীসমূহৰ পানীৰ উপলব্ধতাৰ সঠিক তথ্য সংগ্ৰহ, এছ অ’ পি ডি, নাবাৰ্ড আদি আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ পৰ্যালোচনা আদি বিষয় সন্দৰ্ভত আজিৰ বৈঠকত বিশেষভাৱে আলোচনা কৰা হয়৷ বৈঠকত জলসিঞ্চন বিভাগৰ সচিব পৱিত্ৰৰাম খাউণ্ডৰ লগতে বিভাগটোৰ আটাইকেইগৰাকী অতিৰিক্ত মুখ্য অভিযন্তা উপস্থিত আছিল৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment