‘কুকি’ৰে আৰম্ভ অষ্টম বাৰ্ষিক ব্ৰহ্মপুত্ৰভেলী চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটী,১৪ ডিচেম্বৰঃ আজিৰে পৰা জ্যোতি চিত্ৰবনৰ বাকৰিত আৰম্ভ হ’ল অষ্টম বাৰ্ষিক ব্ৰহ্মপুত্ৰভেলী চলচ্চিত্ৰ মহোৎসৱ৷ নিৰি মিডিয়া অপিচি প্ৰাইভেট লিমিটেডৰ বেনাৰত ড॰ জোনমণি দেৱী খাউণ্ডে প্ৰযোজনা কৰা প্ৰথমখন হিন্দী ভাষাৰ চলচ্চিত্ৰ ‘কুকি’ৰ জৰিয়তে আৰম্ভ হয় চলচ্চিত্ৰ মহোৎসৱখনি৷ যুৱ পৰিচালক প্ৰণৱ জে ডেকাই পৰিচালনা কৰিছে হিন্দী ভাষাৰ পূৰ্ণদৈৰ্ঘৰ ছবিখনি। ড॰ জোনমণি দেৱী খাউণ্ডৰ পৰিকল্পনাৰে ‘কুকি’ৰ কাহিনী-চিত্ৰনাট্য তথা সংলাপ ৰচনা কৰিছে পৰিচালক প্ৰণৱ জে ডেকাই৷ অসমত থাকি ডাঙৰ-দীঘল হোৱা এগৰাকী অনা-অসমীয়া কিশোৰীৰ প্ৰেম, ভালপোৱা, জীৱন সংগ্ৰাম তথা বিভিন্ন প্ৰত্যাহ্বানক ছবিখনিৰ কাহিনীৰ আধাৰ হিচাপে লোৱা হৈছে, য’ত অসমীয়া কলা-সংস্কৃতিৰ কেবাটাও উপাদান সংযোজিত হৈছে৷ ছবিখনিত অভিনয় কৰিছে বলীউডৰ আৰু বলীউডত প্ৰতিষ্ঠিত কেবাগৰাকী অসমৰ অভিনয় শিল্পীয়ে৷ অভিনয় শিল্পীসকল ক্ৰমে– ৰিতিশা খাউণ্ড, ৰাজেশ টেইলাং, দীপান্বিতা শৰ্মা, ৰিতু শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্য, বোধিসত্ব শৰ্মা, কমল লোচন, বিভূতি ভুষণ হাজৰিকা, প্ৰীতি কংকণা, ৰঞ্জীৱ লাল বৰা আৰু বহুতো অভিনয় শিল্পীয়ে৷ উল্লেখ্য যে ‘কুকি’ৰ নাম ভূমিকাত অভিনয় কৰা ৰিতিশা খাউণ্ডৰ সাহসী আৰু প্ৰত্যাহ্বানমূলক সাৱলিল অভিনয়ৰ বাবে আজি উপস্থিত দৰ্শকে একেমুখে শলাগ লয়৷ জনপ্ৰিয় ৱেব ছিৰিছ ‘ইলিগেল’ত ‘জেক’ নামৰ এটি মুখ্য চৰিত্ৰৰে লাইমলাইটলৈ অহা ‘কুকি’ৰ নায়িকা ৰিতিশাই অভিনয় জগতখনত ভৱিষ্যতে এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হ’ব বুলিও আজি উপস্থিত বহুকেইগৰাকী তাৰকা অভিনয় শিল্পীয়ে মতপ্ৰকাশ কৰে৷ আনহাতে, প্ৰধানতঃ তেজপুৰ, গুৱাহাটী, মেঘালয় আৰু ভাৰত ভূটান সীমান্তত দৃশ্যগ্ৰহণ কৰা ‘কুকি’ৰ দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে৷ সম্পাদনা কৰিছে ঝুলন কৃষ্ণ মহন্তই৷ মুখ্য সম্পাদনা অনুপ সিঙৰ৷ ছবিখনিৰ সংগীতৰ ক্ষেত্ৰতো বহুকেইগৰাকী বলীউডত প্ৰতিষ্ঠিত আৰু অসমৰ শিল্পী, কলা-কুশলীয়ে কাম সম্পাদনা কৰিছে৷ ছবিখনিৰ গীতসমূহত কণ্ঠদান কৰিছে বলীউডৰ কণ্ঠশিল্পীসুনিধি চৌহান, মহম্মদ ফেইজ, দিব্যা কুমাৰ আৰু অসমৰ কৃত্তিকা শৰ্মাই৷ সংগীত পৰিচালক পল্লৱ তালুকদাৰ, সৌৰভ মহন্ত, তপন দত্ত৷ বেকগ্ৰাউণ্ড স্কোৰ তপন দত্ত, ছাউণ্ড ডিজাইন আৰু সংমিশ্ৰণ কৰিছে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইয়ে৷ ছবিখনিৰ অন্যান্য কাৰিকৰী দিশত সহযোগ কৰা কলা-কুশলীসমূহ ক্ৰমে– সাজসজ্জাত ৰিয়া ফুকন, ৰূপসজ্জাত বিশ্বজিৎ কলিতা, কলাত্মক দিশৰ পৰিচালক গোলোক সাহা, ভিএফএক্স অমিত দাস আৰু তৰুণাভ দত্ত, গ্ৰাফিক্স ডিজাইনাৰ অমিত দাস আৰু অনুপম বৰদলৈ৷ ডিআই কালাৰিষ্ট মুম্বাইৰ এছ স্কোৱেৰ ষ্টুডিঅ’ৰ শশাংক ঝা৷ উল্লেখযোগ্য যে নিৰি প্ৰডাকচনৰ বেনাৰত ড॰ জোনমণি দেৱী খাউণ্ডে ইতিপূৰ্বে  অসমীয়া চলচ্চিত্ৰ ‘তুলা আৰু তেজা’, ‘চুমা পৰশতে’ৰ উপৰি অসমীয়া ৱেব ছিৰিজ ‘ইলিগেল’, হিন্দী ভাষাত ‘ৰোল প্লে’, বঙালী ভাষাত ‘ৰূপান্তৰ’, ভোজপুৰি ভাষাত ‘গেংষ্টাৰ ববুৱা’ আদিৰ দৰে বহুকেইখন জনপ্ৰিয় ৱেব ছিৰিজ নিৰ্মাণ কৰি সাংস্কৃতিক জগতলৈ উল্লেখ্যযোগ্য অৱদান আগবঢ়াই থৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment