গুৱাহাটী,২২ ডিচেম্বৰঃ আলফা স্বাধীনৰ সেনাপ্ৰধান পৰেশ বৰুৱাক এগৰাকী নাৰীয়ে মুকলিকৈ সুধিছে ছটাকৈ প্ৰশ্ন। অলপতে নিজ সংসাৰ ত্যাগ কৰা আলফা স্বাধীনলৈ যোৱা সাংবাদিক বিদ্যুৎ মহন্তৰ পত্নী প্ৰণামী মহন্তই পৰেশ বৰুৱাক উদ্দেশ্যি সামাজিক মাধ্যমত সুধিছে ছটাকৈ প্ৰশ্ন। সামাজিক মাধ্যমত তেওঁ কয় 'মই বিদ্যুৎ মহন্তৰ পত্নী। হয়, সেইজন বিদ্যুৎ মহন্ত যিজনে আকস্মিকভাৱে এটা দীঘলীয়া ফেচবুক প'ষ্ট আৰু পত্নীলৈ এটা হুৱাটচ আপ মেছেজ কৰি আলফা স্বাধীনলৈ গমন কৰিলে(!) তেওঁ গ'লগৈ, দিন হিচাপত আজি ১৬ দিন। এই ১৬দিনত আমি কিদৰে আছো কেৱল আমিহে অনুভৱ কৰিছো। কাৰণ আজি পৰ্যন্ত আমি তেওঁৰ এই সিদ্ধান্তৰ কোনো যথাযথ খবৰ পোৱা নাই। কাক সুধিম, কোনে দিব তেওঁৰ খবৰ। বাতৰিৰ পিছত দৌৰি থকা মোৰ প্ৰিয়তম পুৰুষজন নিজেই এটা বাতৰি হৈ মোক চিৰদিনলৈ এৰি বাকৰূদ্ধ কৰি অজ্ঞাত স্থানলৈ গুচি গৈছে কোনো ঠিকনা নজনোৱাকৈ। মই এগৰাকী সাধাৰণ মহিলা, এই দুৰ্ঘটনাৰ পিছত মনত বহুত কথাই অগাদেৱা কৰিছে। এই প'ষ্টটো লিখি মই কাৰো পুতৌৰ পাত্ৰ হ'ব নাই বিছৰা। কেইটামান কথা সুধিছো, আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা মহাশয়ক, যদি কেনেবাকৈ কোনোবাদিনা এই প'ষ্টটো আপোনাৰ দৃষ্টিগোচৰ হয় দয়াকৰি মোক মোৰ উত্তৰ কেইটা দিব।' এইয়া আছিল প্ৰণামী মহন্তই নিজৰ ফেচবুক একাউন্টত লিখা তেওঁৰ নিজ মনৰ কথা। ২১ ডিচেম্বৰ ২০২৩ত লিখা প্ৰণামী মহন্তই এইখিনি কথা উপস্থাপন কৰি পৰেশ বৰুৱালৈ ৬ টাকৈ প্ৰশ্ন কৰিছে। প্ৰণামী মহন্তৰ প্ৰশ্ন কেইটা হৈছে -
১) মোৰ স্বামী বিদ্যুৎ মহন্ত সচাকৈয়ে আপোনাৰ সংগঠনলৈ গৈছে নেকি?
২) তেওঁ যদিহে গৈছে তেওঁক সোধক তেওঁ লিখাৰ দৰে মোক কি দি থৈ গৈছে যে এটা কনমানি ল'ৰা, বয়সে গৰকা তেওঁৰ নিজ পিতৃ মাতৃক মই কিদৰে দুখত নপৰাকৈ ৰাখিম?
৩) তেওঁক জবাব দিবলৈ কওঁক, এজন স্বামী হিচাপে হোমৰ জুইক সাক্ষী কৰি নিৰাপত্তা দিম বুলি অনা মইজনীক তেওঁ মাজ পথত কাৰ ভৰষাত এৰি এই পথত ভৰি থ'লে?
৪) তেওঁক কওঁক যদি তেওঁৰ সৎ সাহস আছে, এবাৰ মোক নিজ মুখে ক'বলৈ, যে মোৰ কি ভুলৰ পৰিণাম দিলে এইয়া?
৫) তেওঁ কিহৰ স্বাধীনতা বিছাৰি গ'ল? সেই স্বাধীনতা কেনে স্বাধীনতা য'ত বঙহেই বঙহৰ তেজ চুহে!
৬) আপুনি প্ৰতিশ্ৰুতি দিব পাৰিবনে যে আপোনালোকৰ প্ৰাপ্য স্বাধীনতা পালেই অসমৰ থলগিৰী ৰাইজে ন্যায় পাব, শান্তি পাব?
এতিয়া প্ৰণামী মহন্তই উত্তৰ বিচাৰিছে উক্ত ৬ প্ৰশ্নৰ। শেষত তেওঁ লিখিছে স্বামীক তেওঁ ঘূৰাই বিচৰা নাই। তেওঁলোকে ৰাখক তাতেই ৰাখক। কেৱল উত্তৰহে লাগে তেওঁক, সঁচাকৈয়ে তেওঁৰ স্বামী নিজৰ ইচ্ছাতেই আলফা(স্বা)ত যোগদান কৰিছেনে? এবাৰ নিজ মুখেৰে সেই কথা কৈ দিলে প্ৰণামী মহন্তই স্বামীক জীৱনৰ পৰাই বিসৰ্জন দিয়াৰ প্ৰতিশ্ৰুতি দিছে- ''নোৱাৰে ডাঙৰীয়া নোৱাৰে। যেতিয়ালৈকে মানুহ প্ৰকৃততে মানুহ নহয়, যেতিয়ালৈকে শিক্ষাই মানহক অন্তৰেৰে চুই নাযায়, যেতিয়ালৈকে মানুহে নিজৰ লোলুপ অভিপ্ৰায় মনত ৰাখিব তেতিয়ালৈকে কোনো স্বাধীনতাই মানুহক স্বাধীন কৰিব নোৱাৰে, হাজাৰ বিদ্যুৎ মহন্ত যাওক, এই স্বাধীনতা মৰীচিকাৰ বাহিৰে একো নহয়। মই তেওঁক ঘূৰাই বিচৰা নাই, ৰাখি থওক তেওঁক তাতে , কেৱল মোক উত্তৰ লাগে যে তেওঁ সচাকৈয়ে গৈছে। তেওঁ যদি নিজ ইচ্ছাত গৈছো বুলি মোক এবাৰ কয়, মই এই মুহূৰ্ততে তেওঁৰ নাম মোৰ জীৱনৰপৰা বিসৰ্জন দিম। তেওঁ যাওক, কৰক অসমক স্বাধীন । আমি সকলো ইয়াৰ সাক্ষী হ'ম। কিন্তু এটা কথা মই বাৰে বাৰে কম, তেওঁৰ এই যাত্ৰাৰ নিশ্চয়তা দিয়ক''। এইগৰাকী মহিলাৰ মৰ্মবেদনাপূৰ্ণ আৰু প্ৰত্যাহ্বানেৰে ভৰা প্ৰশ্নৰ উত্তৰ পৰেশ বৰুৱাই কেতিয়াবা দিবনে? প্ৰণামী মহন্তই উল্লেখ কৰিছে যে কাৰো পুতৌৰ পাত্ৰ হ'বলৈ তেওঁ উক্ত প্রশ্ন উত্থাপন কৰা নাই। বিদ্যুৎ মহন্ত ক'ত সেই উত্তৰ প্ৰণামী মহন্তই বিচৰাৰ অধিকাৰ আছে আৰু তেওঁক কেৱল লাগে স্বামী বিদ্যুৎৰ আলফা গমনৰ নিশ্চিয়তা। পৰেশ বৰুৱাই উত্তৰ দিব প্ৰণামী মহন্তৰ ৬ টাকৈ প্ৰশ্নৰ। হয় সঠিক উত্তৰ দিব অথবা বাকৰুদ্ধ হৈ ৰ'ব পৰেশ বৰুৱা। এতিয়া সচেতন মহলৰ মনত প্ৰশ্ন আছেনে সঠিক উত্তৰ পৰেশ বৰুৱাৰ হাতত।

0 Comments:
Post a Comment