গুৱাহাটী,২২ ডিচেম্বৰঃ সংসদৰ নিৰাপত্তাৰ প্ৰসংগ আৰু সদনত বিৰোধীৰ ১৪২গৰাকী সাংসদক নিলম্বন কৰাৰ প্ৰতিবাদত আজি সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিবাদ সাব্যস্ত কৰা হয়। গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ধর্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়। গণতন্ত্ৰত ওপৰত কালিমা সনাৰ অভিযোগ তুলি প্ৰদেশ কংগ্ৰেছে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক ৰেকুবুদ্দিন আহমেদকে ধৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই অংশ গ্ৰহণ কৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। গণতন্ত্ৰ ৰক্ষা কৰক, বিজেপি চৰকাৰ গ' বেক, সংসদৰ মৰ্যাদা ৰক্ষা কৰক আদি শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদস্থলীত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে সংসদৰ নিৰাপত্তাক লৈ প্ৰশ্ন কৰাত বিৰোধীৰ ১৪২ গৰাকী কৈ সাংসদক সদনৰ পৰা নিলম্বন কৰা হ'ল। অৰ্থাৎ এইখন চৰকাৰে ৰাইজৰ কথা শুনিব নিবিচাৰে। নিজৰ স্বাৰ্থৰ বাবে বিজেপিয়ে গণতন্ত্ৰ-সংবিধান নিঃশেষ কৰিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ বিশেষভাৱে সৰৱ হৈ পৰে বিধায়ক ৰেকিবুদ্দিন আহমেদ। সাংসদক নিলম্বন কৰা ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি তেওঁ বিজেপিক সমালোচনাৰে থকা-সৰকা কৰে।
সংসদৰ ঘটনাক লৈ প্ৰতিবাদত উত্তাল ৰাজীৱ ভৱনৰ চৌহদ

0 Comments:
Post a Comment