জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ প্ৰশমনত অসম চৰকাৰক সহায় কৰিব 'টেৰি'য়ে


গুৱাহাটী,১৯ ডিচেম্বৰঃ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজি জনতা ভৱনত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান 'দ্য এনাৰ্জী এণ্ড ৰিচ’ৰ্ছেজ ইনষ্টিটিউট' (টেৰি) আৰু অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মাজত এখন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি সম্পাদিত হয়। এই বুজাবুজি চুক্তি অনুসৰি শক্তি, জৈৱ প্ৰযুক্তি, পৰিৱেশ, জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰে জড়িত দিশসমূহত বৈজ্ঞানিক গৱেষণা আৰু পৰিৱেশ অনুকূল সমাধান সুত্ৰ নিৰূপণৰ ক্ষেত্ৰত টেৰিয়ে ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগক কাৰিকৰী তথা উদ্ভাৱনমূলক জৈৱপ্ৰযুক্তিৰে বিশেষ সহযোগিতা আগবঢ়াব। বিভাগীয় মন্ত্ৰীগৰাকীৰ কাৰ্যালয় কক্ষত মঙলবাৰে আয়োজিত এক অনুষ্ঠানত এই বুজাবুজি চুক্তিত অসম চৰকাৰৰ হৈ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ সচিব লয়া মাদ্দুৰী আৰু টেৰিৰ হৈ প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ সঞ্চালক (প্ৰশাসনিক সেৱা আৰু আঞ্চলিক কেন্দ্ৰ) দীপাংকৰ চহৰীয়াই স্বাক্ষৰ কৰে। উল্লেখ্য যে ৰাজ্যখনত আগন্তুক দিনত জলবায়ু পৰিবৰ্তনৰ প্ৰত্যাহবানেৰে ফলপ্ৰসূভাৱে মোকাবিলা কৰাৰ দিশত সহায়ক হোৱাকৈ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাসৰ লগতে নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰক উদগণি যোগাব পৰা জৈৱ-প্ৰযুক্তি আধাৰিত কাৰ্যব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত টেৰিয়ে অসম চৰকাৰলৈ সহযোগিতা আগবঢ়াব। এই বুজাবুজি চুক্তিৰ আধাৰত ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অধীনৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক), অসম ৰাজ্যিক প্ৰায়োগিক মহাকাশ কেন্দ্ৰ (এচ্ছাক) আৰু গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান (গুৱাহাটী বায়'টেক পাৰ্ক)ৰ সৈতে জলবায়ু পৰিবৰ্তন আৰু জৈৱ প্ৰযুক্তি খণ্ডত কৰা প্ৰায়োগিক উদ্ভাৱনমূলক কাম-কাজৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্তৰত বিশেষ খ্যাতি লাভ কৰা ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানটোৱে ৰাজ্যখনত জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ প্ৰশমনত সহায়ক হ'ব পৰা উমৈহতীয়া প্ৰকল্পৰ ক্ষেত্ৰত কাৰিকৰী আৰু প্ৰযুক্তি উপলব্ধ কৰি সহযোগিতা আগবঢ়াব। এই চুক্তি সম্পাদনৰ সময়ত বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ বিশেষ সচিব পি এল এন ৰাজু, টেৰিৰ সঞ্চালক প্ৰধান ড০ বিভা ধাৱান আৰু অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ সঞ্চালক ড° জয়দীপ বৰুৱাৰ লগতে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ বিষয়াবৰ্গ উপস্থিত আছিল।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment