জেংখাত সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ ৩৪ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনৰ সামৰণি
হাওৰাঘাট,১৯ ডিচেম্বৰঃ পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১৭ আৰু ১৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ ৩৪ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায়। ৰাজ্যখনৰ ২১ খন জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা এই অধিৱেশনৰ অন্তিম দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে অংশ গ্ৰহণৰ কথা আছিল যদিও মুকলি সভাত বিশেষ কাৰণত উপস্থিত নাছিল। ইয়াৰ বিপৰীতে মহম্মদ খাইৰুল আমিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত স্থানীয় বিধায়ক ৰূপছিং টেৰণ, শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবি, কাৰ্যবাহী সদস্য ক্ৰমে প্ৰভাত চন্দ্ৰ তাৰ' আৰু ৰীণা টেৰণপী, সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা, সম্পাদক প্ৰধান দিলীপ কলিতা আৰু উপ-সভাপতি শ্যামন্ত দাস আৰু শৰৎ দাস উপস্থিত থাকে । মুকলি সভাত শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিয়ে শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত যত্নশীল হোৱাৰ লগতে চৰকাৰক সহযোগিতা কৰিবলৈ আহ্বান জনায় । এই সভাতে পুৰণা সমিতিখন ভংগ কৰি মোহনছিং ক্ৰ'ক সভাপতি, কাৰ্যকৰী সভাপতি ৰুবুল কলিতা , উপ-সভাপতি মাজাছিং ইংহি আৰু মহম্মদ চামছুল আলম , সম্পাদক প্ৰধান দেৱিকা দেৱী আৰু জইণ্ট চেক্ৰেটেৰী হিচাপে অশোক কুমাৰ মজুমদাৰক লৈ সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়।


0 Comments:
Post a Comment