অসমতো ১৪-২১ জানুৱাৰীলৈ স্বচ্ছ তীৰ্থ অভিযান


গুৱাহাটী,১১ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে অসমতো ১৪ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈকে সপ্তাহটো স্বচ্ছ তীৰ্থ অভিযান হিচাপে ৰূপায়ণ কৰা হব। ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত স্বচ্ছ ভাৰত অভিযান-নগৰাঞ্চলৰ এক পদক্ষেপ হিচাপে এই সময়ছোৱাত দেশৰ মন্দিৰ আৰু ধৰ্মীয় স্থানৰ পৰিষ্কাৰ-পৰিচ্ছন্নকৰণৰ বাবে এক বৃহৎ স্বচ্ছতা অভিযান হাতত লোৱা হ'ব। অসমত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উদ্যোগত স্বচ্ছ ভাৰত মিছন (নগৰাঞ্চল), অসমে এই কাৰ্যসূচীৰ তদাৰক কৰিব। মন্ত্ৰী অশোক সিংহলৰ পৌৰোহিত্যত আজি জনতা ভৱনত অনুষ্ঠিত বিভাগটোৰ এক পৰ্যালোচনা বৈঠকত এই সম্পৰ্কে বিশেষভাৱে আলোচনা কৰা হয়। এই অভিযানৰ সময়ছোৱাত ৰাজ্যৰ সকলো ধৰ্মীয় স্থান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ গভীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম হাতত লোৱা হ'ব। ধৰ্মীয় স্থানসমূহৰ সামগ্ৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতি উন্নত কৰাৰ পদক্ষেপ গ্ৰহণৰ লগতে স্থানীয় সংস্থা আৰু মন্দিৰ পৰিচালনা সমিতি বা ন্যাসসমূহে এই সময়ছোৱাত স্থানীয় জনসাধাৰণ আৰু আত্মসহায়ক গোটসমূহক জড়িতকৰণেৰে সকলো মন্দিৰ আৰু ধৰ্মীয় স্থানত দৃশ্যমান পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব। সেইদৰে স্থানীয় নগৰীয়া স্থানীয় নিকায়সমূহেও ধৰ্মীয় স্থানসমূহত শৌচাগাৰৰ আন্তঃগাঁথনিকে ধৰি মন্দিৰ চৌহদৰ ৰক্ষণাবেক্ষণ আৰু সৌন্দৰ্য্যবৰ্ধন নিশ্চিত কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে স্বচ্ছতা অভিযানৰ আয়োজন কৰিব। ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, আত্মসহায়ক গোটৰ সদস্য, এন চি চি আৰু এন এছ এছ কেডেটকো অংশগ্ৰহণৰ বাবে উৎসাহিত কৰা হ’ব। এই স্বচ্ছতা অভিযানে ধৰ্মীয় আৰু আধ্যাত্মিক চৌহদ আৰু ইয়াৰ ওচৰ-চুবুৰীয়া অঞ্চলসমূহ পৰিষ্কাৰ আৰু জাবৰমুক্ত কৰি ৰখাৰ দিশত ইতিবাচক আচৰণ আৰু মনোভাৱক উৎসাহিত কৰিব। উল্লেখযোগ্য যে ৩০ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ অযোধ্যাত এলানি গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাক ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে গঢ়ি তোলাৰ বাবে সামূহিকভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ সমান্তৰালভাৱে অহা ১৪ জানুৱাৰীৰ  পৰা ২১ জানুৱাৰীলৈকে দেশজুৰি সকলো তীৰ্থস্থান আৰু মন্দিৰতে এক বৃহৎ স্বচ্ছতা অভিযান আৰম্ভ কৰিবলৈ স্পষ্ট আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্বচ্ছ ভাৰত মিছনে দেশৰ সকলো মন্দিৰ আৰু ধৰ্মীয় স্থানত সামগ্ৰিক আৰু দৃশ্যমান পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে অভিযান চলাবলৈ এই সপ্তাহটোক স্বচ্ছ তীৰ্থ অভিযান হিচাপে ঘোষণা কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment