গুণোৎসৱত অংশগ্ৰহণ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ



নিউজ ডেক্স,১১ জানুৱাৰীঃ ৰাজ্যত চলি থকা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা, বিজ্ঞান-প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাট জিলাৰ দুখনকৈ শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰীৰো দায়িত্বত থকা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে পশ্চিম গোলাঘাট শিক্ষাখণ্ডৰ অৰ্ন্তগত ৰঙাজান বাগিছা প্ৰাথমিক বিদ্যালয় আৰু ১নং কাজিৰঙা প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱত ভাগ লয়। গুণোৎসৱৰ বিশেষ দায়িত্ব পালন কৰি মন্ত্ৰী মহন্তই দুয়োখন প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ, আন্তঃগাঁথনি, সা-সুবিধা আদি নিৰীক্ষণ কৰে। স্বাস্থ্যমন্ত্ৰী মহন্তই ১নং কাজিৰঙা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মেৰী বৰগোহাঁই আৰু ৰঙাজান বাগিছা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দিম্বেশ্বৰী গগৈৰ লগতে বিদ্যালয় দুখনৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, মাতৃগোটৰ সদস্যা আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে মতবিনিময় কৰি শিক্ষণ-শিকন ব্যৱস্থাৰো আভাষ লয়। উল্লেখ্য যে ৰঙাজান চাহ বাগিছাত ১৯৭৩ চনত ৰঙাজান বাগিছা প্ৰাথমিক বিদ্যালয় আৰু বচাগাঁৱত ১৯১৮ চনত ১নং কাজিৰঙা প্ৰাথমিক বিদ্যালয় স্থাপিত হৈছিল। ৰঙাজান বাগিছা প্ৰাথমিক বিদ্যালয়ত বহিঃনিৰীক্ষক হিচাপে উপস্থিত থকা চিএনডি মহাবিদ্যালয়ৰ অধ্যাপক দেৱজিত শইকীয়া আৰু ১ নং কাজিৰঙা প্ৰাথমিক বিদ্যালয়ত বহিঃনিৰীক্ষকৰ দায়িত্বত থকা জেডিএছজি মহাবিদ্যালয়ৰ অধ্যাপিকা প্ৰত্যুশী তামুলীয়ে মন্ত্ৰীগৰাকীক গুণোৎসৱৰ মূল্যায়নকাৰ্যত সহযোগ কৰে৷ আজি স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী মহন্তই দুয়োখন বিদ্যালয়ত গুণোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়ত বোকাখাটৰ ৰাজহ চক্ৰৰ বিষয়া চম্পক ডেকা, গোলাঘাট পশ্চিমৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মুকুল কোঁৱৰো তেওঁৰ সৈতে উপস্থিত থাকে।

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment