ৰাহুল গান্ধীৰ ন্যায় যাত্রাৰ সময়ত গুৱাহাটীত হোৱা অপ্ৰীতিকৰ ঘটনাৰ বাবে গোচৰ ৰুজুৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ
গুৱাহাটী,২৩ জানুৱাৰীঃ অথন্তৰে লগ এৰা নাই ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত। এইবাৰ খানাপাৰাত ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত অপ্ৰীতিকৰ পৰিস্থিতি। আৰক্ষীৰে হতাহতিত লিপ্ত হ’ল একাংশ কংগ্ৰেছ কৰ্মী । গুৱাহাটীত ন্যায় যাত্ৰাত বাধা প্ৰদান কৰে মোতায়েন কৰা আৰক্ষীৰ দলে। ন্যায় যাত্ৰাৰ সময়তে খানাপাৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰে লাঠীচালনা। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু ডিচিপিৰ সৈতে হতাহতিত লিপ্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ভূপেন বৰাক প্ৰহাৰ কৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। খানাপাৰাত বেৰিকেড সাজি মোতায়েন কৰা হৈছিল আৰক্ষী। ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়তে খানাপাৰাত উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰিছিল লাঠীচালনা। আৰক্ষীৰ বেৰিকেড ভাঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল একাংশ কংগ্ৰেছ সমৰ্থকে। বেৰিকেড স্থাপন কৰি মোতায়েন কৰা আৰক্ষীৰে হতাহতিত লিপ্ত হৈছিল একাংশ উত্তেজিত কংগ্ৰেছৰ নেতা-কৰ্মী। ঘটনাৰ পিছেত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ নেতা-কৰ্মীয়ে সৃষ্টি কৰা এই অপ্ৰীতিকৰ পৰিস্থিতৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে কয় -'এইবোৰ অসমীয়া সংস্কৃতিৰ অংশ নহয়। আমি এখন শান্তিপূৰ্ণ ৰাজ্য। এনে “নক্সালীয় কৌশল” আমাৰ সংস্কৃতিৰ বাবে অচিনাকি। মই অসম আৰক্ষীৰ ডিজিপিক গোচৰ ৰুজু নিৰ্দেশ প্ৰদান কৰিছো। ৰাহুল গান্ধীয়ে সমৰ্থক উত্তেজিত কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নিৰ্দেশ প্ৰদান কৰিছো।'

0 Comments:
Post a Comment