লোকসভা নিৰ্বাচনৰ বাবে দলীয় কৰ্মীক সক্ৰিয়তাৰে প্ৰস্তুতি চলাবলৈ আহ্বান অতুল বৰাৰ



শিৱসাগৰ,২৪ জানুৱাৰীঃ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰূপহী পথাৰস্থিত ৰূদ্ৰ সিংহ ক্ৰীড়া প্ৰকল্পত আজি অসম গণ পৰিষদ দলৰ যোৰহাট লোকসভা সমষ্টি ভিত্তিত এখনি বিশাল বুথ কৰ্মী সন্মিলন অনুষ্ঠিত হয়। হাজাৰ হাজাৰ দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা উপস্থিত থাকি ঐক্য, শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে ৰাইজৰ হকে অসম গণ পৰিষদে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে আৰু আগলৈও পূৰ্ণোদ্যমে সেৱা আগবঢ়াই যাব বুলি মন্তব্য কৰে। সভাপতি বৰাই লগতে কয় যে সুখে-দুখে ৰাইজৰ ওচৰত থাকি প্ৰতিগৰাকী কৰ্মকৰ্তাই নিজৰ মাজত একোগৰাকী ভাল ৰাজনৈতিক কৰ্মী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। সভাপতি অগপৰ আহি থকা দিনবোৰত ভবাতকৈ অধিক যোগাত্মকভাৱে সলনি হ'ব বুলি উল্লেখ কৰি তৃণমূলৰ কৰ্মকৰ্তাসকলেহে দলৰ ভেটি স্থায়ীভাৱে শক্তিশালী কৰি ৰাখিব পাৰে আৰু আঞ্চলিকতাবাদৰ নতুন আলোড়নৰ সৃষ্টি কৰিব পাৰে বুলি মন্তব্য কৰে। বুথৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই এইবাৰ লোকসভালৈ অগপৰ প্ৰতিনিধি পঠিয়াবলৈ দৃঢ়তাৰে মন বান্ধিব লাগিব বুলি উল্লেখ কৰি সভাপতি অতুল বৰাই সভাত উপস্থিত সকলোকে ঐক্যবদ্ধভাৱে নিজ নিজ বুথৰ অন্তৰ্গত অঞ্চলসমূহত জনসংযোগ বৃদ্ধিৰে দলটোৰ সাংগঠনিক কাম-কাজ সবল ৰূপত আগবঢ়াই নিবলৈ আহ্বান জনায়। বৰাই লগতে সম্প্ৰতি কংগ্ৰেছৰ মুখত সঘনে উচ্চাৰিত হৈ থকা ‘ন্যায়’ শব্দটো ভূতৰ মুখত ৰামনামৰ দৰে বুলি কটাক্ষ কৰি দীৰ্ঘদিন ধৰি শাসনত থকা কংগ্ৰেছ দলৰ ইতিহাস অন্যায়-অবিচাৰ, দুৰ্নীতি-ভ্ৰষ্টাচাৰেৰে সমৃদ্ধ হৈ আছে বুলিও মন্তব্য কৰি কয় যে জনসাধাৰণে ইয়াৰ উত্তৰ নিৰ্বাচনবোৰত দি আহিছে আৰু আহি থকা নিৰ্বাচনবোৰতো দি যাব। সভাপতিগৰাকীয়ে কয় যে ৰাহুল গান্ধী অসমলৈ আহি এতিয়া উন্নয়নৰ এখন সুকীয়া ছবি নিশ্চয় দেখিছে আৰু অসমৰ মানুহে এতিয়া বিকাশ বিচাৰে, ভ্ৰষ্টাচাৰী কংগ্ৰেছক নিবিচাৰে। অন্যায়-অবিচাৰ, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ প্ৰবক্তাস্বৰূপ কংগ্ৰেছৰ বিৰুদ্ধে দলৰ প্ৰতিগৰাকী নেতা কৰ্মীয়ে দৃঢ়তাৰে থিয় হব লাগিব বুলি দলীয় কৰ্মীসকল আহ্বান জনায়। সভাপতি অতুল বৰাই বুথ সন্মিলনখন সফলভাৱে পৰিচালনা কৰাত ভূমিকা লোৱা অগপৰ কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দ, শিৱসাগৰ জিলা সমন্বিতে অগপৰ বিভিন্ন জিলাৰ সভাপতি আৰু সম্পাদক, বিষয়ববীয়াসকল তথা কৰ্মকৰ্তাসকলক ধন্যবাদ জনায়। সভাত উপস্থিত থাকি দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই দলৰ বুথ সমূহৰ দায়িত্বপ্ৰাপ্ত সতীৰ্থসকলক সম্বোধন কৰি কয় যে অসম গণ পৰিষদ কেৱল ৰাজনৈতিক দল নহয়, ই হৈছে অসমীয়াৰ জাতীয়তাবাদী সত্তা। মহন্তই লগতে কয় যে, আঞ্চলিকবাদৰ চিন্তা-চেতনাৰে পুষ্ট প্ৰতিগৰাকী অসমীয়াৰ শক্তিৰে গঠিত অসম গণ পৰিষদ দল। অসম গণ পৰিষদে আপোচবিহীনভাৱে আঞ্চলিকতাবাদৰ হকে কাম কৰি গৈছে আৰু ভৱিষ্যতেও নতুন উদ্যম নতুন গতিৰে আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ বদ্ধপৰিকৰ। সন্মিলনখনত টীয়কস্থিত শ্ৰীশ্ৰী উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত গোস্বামী, দলৰ জ্যেষ্ঠ নেতা ফনীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা, পোনাকন বৰুৱা, উপসভাপতি ভৱেন্দ্ৰ নাথ ভৰালী, সম্পাদকসকল, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, ভাতৃ আৰু ভগ্নী সংগঠনসমূহৰ সভাপতি সকলৰ লগতে যোৰহাট সংসদীয় সমষ্টিৰ অৰ্ন্তগত জিলা সমিতি সমূহৰ সভাপতি প্ৰমূখ্যে বিষয়ববীয়াসকল, বিধান সভা সমষ্টি সমিতি সমূহৰ সভাপতি তথা বিষয়ববীয়াসকল আৰু বুথ সমিতিসমূহৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়া ও সদস্যসকল উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment