জনসমুদ্ৰত পৰিণত অসম গ্ৰন্থমেলা, দহ দিনত ৩.৭৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰী

গুৱাহাটী,৭ জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে জনসমুদ্ৰত পৰিণত হয় চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা , গুৱাহাটী। পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়াৰ ভাগত বিৰ দি বাট বিচাৰি নোপোৱা অৱস্থাৰ সৃষ্টি কৰে। পুৱাৰ ভাগত অনুষ্ঠিত কৰা “শিশুৰ দিন”ৰ দ্বিতীয় পৰ্বত কণ-মইনাহঁতৰ কলৰৱত মুখৰিত হৈ পৰে গ্ৰন্থমেলা। “শিশুৰ দিন” উপলক্ষে আজি অনুষ্ঠিত কৰা হয় চিত্ৰাংকণ প্ৰতিযোগিতা। চিত্ৰাংকণ প্ৰতিযোগিতাৰ “ক” শাখাত নিবিড় কুমাৰ কাশ্যপে প্ৰথম, মাধুৰ্য্য ময়ূৰ বৰাই দ্বিতীয়, ৰাজশ্ৰী হীৰাই তৃতীয় স্থান আৰু উদগনি বঁটা লাভ কৰে ধনশ্ৰী বেজবৰুৱা, সুবৰ্ণ বৰ্মন আৰু ভূমিকা সিনহাই। আনহাতে “খ” শাখাত ৰাজশ্ৰী ভট্টই প্ৰথম, বনশ্ৰী ডেকাই দ্বিতীয়, খ্যাতি কলিতাই তৃতীয় স্থান আৰু উদগনি বঁটা লাভ কৰে দিগাংগনা কাশ্যপ, দৃষ্টি ভড়ালী আৰু চম্পক শইকীয়াই ৷ “গ” শাখাত নিশিতা বেজবৰুৱাই প্ৰথম, চিম্পী ডেকাই দ্বিতীয়, দীক্ষিতা কাশ্যপে তৃতীয় স্থান আৰু উদগনি বঁটা লাভ কৰে চিন্ময় দাস, শোভাংগী স্নেহা কাশ্যপ, ভূমিকা দাস আৰু আলবেলা খানুমে ৷ এই ফলাফল অনুসৰি অহা ৯ জানুৱাৰীত গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানত বঁটা-বিতৰণী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ আজি দুপৰীয়া ১২ বজাৰ পৰা শৈলেন বৈশ্যৰ পৰিচালনাত অনুষ্ঠিত হয় আকৰ্ষণীয় মুকলি কুইজ। বিয়লি ৪ বজাত গ্ৰন্থমেলাৰ অস্থায়ী কাৰ্যালয়ত উন্মোচিত হয় অসম গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ ৷ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ, দৈনিক অসম কাকতৰ সম্পাদক ড° হিতেশ ডেকাই। তেওঁ ভাষণত কয় -“যোৱা পাঁচটা দশকৰ ভাল সামাজিক কামসমূহৰ ভিতৰত অন্যতম হৈছে গ্ৰন্থমেলা। সম্প্ৰতি “অসম গ্ৰন্থমেলা” নামেৰে জিলাই জিলাই গ্ৰন্থমেলা অনুষ্ঠিত হোৱাটো আশাৰ বতৰা। গ্ৰন্থমেলাৰ অনুভৱ চিৰ সেউজীয়া। কিতাপ এখনৰ লগত শ্ৰম, চিন্তা আৰু জ্ঞান জড়িত হৈ থাকে। কিতাপ জ্ঞানৰ বাহক। গতিকে গ্ৰন্থমেলা মানেই জ্ঞান চৰ্চাৰ পৰিসৰ বৃদ্ধি হোৱা।” তেওঁ প্ৰসংগক্ৰমে মাতৃভাষা মাধ্যমৰ বিদ্যালয়বোৰৰ ভৱিষ্যতৰ প্ৰতি সংশয় প্ৰকাশ কৰি কয় যে মাতৃভাষাৰ বিদ্যালয় বন্ধ হ’লে ভাষা বিপৰ্যয়ৰ গৰাহত পৰিব। সেইবাবে নিজৰ ভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা উচিত। মাতৃভাষা আৰু মাতৃদুগ্ধ একেই। ইংৰাজী মাধ্যমত পঢ়ুওৱা সন্তানকো মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল কৰিবলৈ আহ্বান জনায় অভিভাৱকসকলক। নিজৰ ভাষা-সংস্কৃতি নাথাকিলে জাতি জীয়াই নাথাকে বুলিও সদৰী কৰি তেওঁ এইবুলি কয় -"কিতাপ বিক্ৰীতকৈ সুৰাৰ বিক্ৰী বেছি বুলি কাকতত বাতৰি ছপাবলৈ দুখ লাগে। তাতকৈ গ্ৰন্থমেলাত ভিৰ দেখিলে, প্ৰকাশকসকলে আশা কৰা ধৰণে কিতাপ  বিক্ৰী হোৱা বুলি জানিলে ভাল লাগে।” স্মৃতিগ্ৰন্থখনৰ মুখ্য সম্পাদক মিহিৰ দেউৰী আৰু সম্পাদকদ্বয় হৈছে গৌতম বৰ্মন, দেৱজিৎ বৰা ৷ উন্মোচনী সভাত অংশগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, সদস্য গোবিন্দ টাইড, সুশীল কুৰ্মী, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামী, উপ সভাপতি বাহাৰুল ইছলাম চৌধুৰী তথা বিষয়ববীয়া সকলৰ লগতে সাহিত্য-সংস্কৃতি জগতৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে। উল্লেখ্য যে আজি দশম দিনালৈ ৩ কোটি ৭৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই। তদুপৰি মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা কাৰ্যসূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ ৷ এই অনুষ্ঠান পৰিচালনা কৰে প্ৰবোধ দাসে ৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment