নগাঁও জিলা আয়ুক্তৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সাংবাদিকৰ প্ৰতিবাদ


গুৱাহাটী,৬ জানুৱাৰীঃ জ্যেষ্ঠ সাংবাদিক দিপাংকৰ মেধিক অপদস্থ কৰা নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ শতাধিক সাংবাদিকে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে এগৰাকী অসহায় মহিলাক সহায় কৰিবলৈ গৈ নগাঁও জিলা আয়ুক্তৰ দ্বাৰা শাৰিৰীকভাৱে অপদস্থ হ'বলগা হৈছিল এটা ব্যক্তিগত টেলিভিছন চেনেলৰ সাংবাদিক দিপাংকৰ মেধি। যি সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাৰ্যালয়ত কোনো ফাইল পৰি থাকিব নোৱাৰিব বুলি সকলো চৰকাৰী বিভাগক নিৰ্দেশ দিছিল তেনে সময়তে দহ বছৰে মহিলাগৰাকীয়ে স্বামীৰ মৃত্যুৰ প্ৰমাণপত্ৰ বিচাৰি তাঁতবাতি কৰিবলগা হৈছে। মহিলাগৰাকী অভিযোগৰ পাছতে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত বুজ ল'বলৈ যোৱা সাংবাদিকগৰাকী নগাঁও আয়ুক্তই সহযোগিতা কৰাৰ পৰিৱৰ্তে অপদস্থ কৰা লগতে শাৰিৰীকভাৱে আক্ৰমণ কৰে। আনহে নালাগে চোৰ-ডকাইতক নিয়াৰ দৰে চোঁচৰাই নিয়া দৃশ্য ভাইৰেল হোৱাৰ পাছতে ৰাজ্যজুৰি সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আয়ুক্তগৰাকী এনে কাৰ্য্যক ধিক্কাৰ দিয়ে৷ শনিবাৰে গুৱাহাটী মহানগৰৰ সাংবাদিকসকলে গুৱাহাটী প্ৰেছ ক্লাবত সন্মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰি আয়ুক্তগৰাকীৰ শাস্তিৰ দাবী তোলে ৷ হাতে হাতে প্লেকাৰ্ড লৈ সাংবাদিক দিপাংকৰ মেধিক ন্যায় প্ৰদান কৰাৰ লগতে আয়ুক্তগৰাকীৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে ৷ প্ৰায় শতাধিক সাংবাদিকে প্ৰতিবাদ সাব্যস্ত কৰি সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰা দাবী তোলে। নগাঁৱৰ দৰে এখন ঐতিহাসিক, সাংস্কৃতিক জিলাৰ এগৰাকী মূৰব্বী হৈ সামান্যতম শালীনতাহীনতা নথকা নৰেন্দ্ৰ কুমাৰ শ্বাহ অসমৰ কলা-সংস্কৃতি, বায়ু-পানীৰ লগত অভ্যস্ত নহয়। সেয়ে তেওঁক তাৎক্ষণিকভাৱে অসমৰ পৰা অপসাৰণ কৰিবলৈ দাবী উত্থাপন কৰে সাংবাদিকসকলে। আনহাতে, এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জনসংযোগ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ হস্তক্ষেপ বিচাৰে সাংবাদিকসকলে ৷ শীঘ্ৰে এইগৰাকী অনা-অসমীয়া আই এ এছ বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহক ইয়াৰ পৰা অপসাৰণৰ দাবীৰ লগতে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী তোলে সাংবাদিকসকলে ৷ অভিযোগ অনুসৰি এইগৰাকী নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিৰুদ্ধে আছে বহু অভিযোগ৷ নগাঁও বাৰ এছ'চিয়েচনৰ সদস্যৰ সৈতে দুব্যৱহাৰ কৰা অভিযোগ আছে ৷ সেয়াই নহয় বিভিন্ন সময়ত নিজৰ সমস্যাৰ বাবে আয়ুক্তৰ কাৰ্যালয়লৈ সাধাৰণ লোকৰ ক্ষেত্ৰতো এনে দুব্যৱহাৰ কৰা অভিযোগ উত্থাপন হৈছে ৷ এনেবোৰ অভিযোগ থকা এইগৰাকী আয়ুক্তই সাংবাদিকৰ পৰা নিজক বচাই ৰাখিবলৈ ভয় ভাবুকি প্ৰদান কৰাই নহয় এইবাৰ সাংবাদিককো প্ৰহাৰ কৰিবলৈ ভয় নকৰিলে ৷ সাংবাদিক দিপাংকৰ মেধিক প্ৰহাৰ কৰা ঘটনাৰ পাছতে এনেদৰে প্ৰতিবাদৰ সন্মুখীন হৈছে আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment