লখিমপুৰত ৰাহুল গান্ধীৰ বিশাল ৰোড শ্ব' : প্ৰান্তে-প্ৰান্তে ৰাহুল গান্ধীক ৰাইজৰ উষ্ম আদৰণি



লখিমপুৰ,২০ জানুৱাৰীঃ অসমত দুদিনীয়া পৰিভ্ৰমণৰ অন্তত আজি বিশাল সমৰ্থক লৈ পুৱাই লখিমপুৰ জিলাত পদাৰ্পণ কৰেহি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰাই। পুৱা জিলাখনৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত পদুমণি আইথানত সেৱা আগবঢ়াই লখিমপুৰ নগৰ অভিমুখে আগবাঢ়ি অহা ভাৰত জোড়ো ন্যায় যাত্ৰাক আদৰিবলৈ জিলাখনৰ প্ৰান্তে-প্ৰান্তে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে বিশাল জনতাই ভিৰ কৰা পৰিলক্ষিত হয়। জিলাখনৰ পহুমৰাস্থিত বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত আৰু লালুকস্থিত বীৰ বীৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিত মাল‍্যাৰ্পন কৰি ৰাহুল গান্ধীয়ে লালুকত এখন কৰ্মীসভাত অংশগ্ৰহণ কৰি হাৰমতীৰ গুমতো গেটত এখন বিশাল পথসভাত অংশগ্ৰহণ কৰে। উক্ত সভা সম্বোধন কৰি ৰাহুল গান্ধী বিজেপি, আৰ এছ এছ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তেওঁ ভাষণ প্ৰসংগত কয় যে দেশত বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰি ধৰ্মীয় মেৰুকৰণত গুৰুত্ব আৰোপ কৰিছে। বিজেপি চৰকাৰে দেশত ন্যায় প্ৰতিষ্ঠা কৰাৰ কথা কৈছে যদিও প্ৰকৃতাৰ্থত দেশত এতিয়া ন্যায়ৰ সলনি অন‍্যায়হে বৃদ্ধি পাইছে। সেয়েহে ভাৰতবাসীক ন্যায় দিয়াৰ লগতে সাম্প্ৰদায়িক বিষবাষ্প দূৰ কৰি ধৰ্মনিৰপেক্ষতা বৰ্তাই ৰখাৰ স্বাৰ্থতে কণ্যাকুমাৰীৰ পৰা কাশ্মীৰপৰ্যন্ত প্ৰথম পৰ্যায়ত আমি ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিলো। কিন্তু উত্তৰ-পূবত তেতিয়া এই যাত্ৰা হোৱা নাছিল। এতিয়া জনতাৰ আগ্ৰহত আমি পুনৰ মণিপুৰৰ পৰা মহাৰাষ্ট্ৰপৰ্যন্ত এই ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছো। উক্ত সভাত অংশগ্ৰহণ কৰি তেওঁ পোনে-পোনে ইটানগৰলৈ বুলি যাত্ৰা কৰে। ইয়াৰ পূৰ্বে লালুকৰ এখন পথাৰত সংবাদমেল সম্বোধন কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ জয়ৰাম ৰমেশ, সাংসদ গৌৰৱ গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু নাওবৈচাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহে। উক্ত সংবাদমেলত জয়ৰাম ৰমেশে হিমন্ত বিশ্ব শৰ্মা কোন হয় বুলি প্ৰশ্ন কৰাৰ লগতে তেওঁক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব তথা আৰ এছ এছৰ ছাবি দিয়া পুতলা বুলিহে আখ্যা দিয়ে। তেওঁ কয় যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক সন্তুষ্ট কৰিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰিবলৈ উঠি-পৰি লাগিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত সম্প্ৰতি দেশব্যাপী যি সাম্প্ৰদায়িক বিষবাষ্প বিয়পিছে এইয়া দেশখনৰ বাবেই মাৰাত্মক ৰূপে চিহ্নিত হৈছে। তেওঁ কয় যে বিজেপিয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰিবলৈ যিমানেই কুট-কৌশল ৰচনা নকৰক কিয় কংগ্ৰেছে এই যাত্ৰা সফল কৰিবই। তেওঁ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পৰৱৰ্তী দিনকেইটাৰ কাৰ্যসূচী সন্দৰ্ভত কয় যে কাইলৈ ইটানগৰত এক পদযাত্ৰা কাৰ্যসূচীত অংশ লৈ ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা বিশ্বনাথ চাৰিআলিত উপস্থিত হ'ব আৰু বিশ্বনাথ চাৰিআলিত এখন পথসভাত অংশ লৈ কলিয়াবৰৰ পৰা বিশাল ৰোড শ্ব'ত অংশ লব। উক্ত পদ যাত্ৰাত কংগ্ৰেছৰ সভাপতি মল্লিকাঅৰ্জুন খৰ্গেই অংশ গ্ৰহণ কৰিব । ২২ জানুৱাৰীৰ পুৱা ভাৰত জোড়ো ন্যায় যাত্ৰা নগাঁওস্থিত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বট্ৰদোৱা থানত উপস্থিত হ'ব। উক্ত থানতে নিশা কটাই ২৩ জানুৱাৰীত ভাৰত জোড়ো ন্যায় যাত্ৰা গুৱাহাটীত উপস্থিত হ'ব। ইফালে গুৱাহাটীত অনুষ্ঠিত হবলগা কাৰ্যসূচী কোনো কাৰণতে সফল হ'বলৈ নিদিয়ে বুলি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই যি কথা ঘোষণা কৰিছে তাক লৈ সংবাদমেলত জয়ৰাম ৰমেশে তীব্ৰ ক্ষোভ উজাৰে। তেওঁ এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক আহ্বান জনায় যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কওক যে মই গুৱাহাটীৰ যিটো পথেৰে কিছুদিন পূৰ্বে পথযাত্ৰা উলিয়াইছিলো সেই পথেৰেই কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা যাবলৈ দিয়া। তুমি বিজেপিৰ বাবে বহুত কৰিছা এতিয়া কংগ্ৰেছৰ ন্যায় যাত্ৰা ৰুদ্ধ কৰি বিজেপিক আৰু তোমাৰ সেৱা মনোবৃত্তি দাঙি ধৰিব নালাগে। সংবাদমেলত ভাষণ প্ৰসংগত ভূপেন বৰা আৰু গৌৰৱ গগৈয়ে বৰ্তমান অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব আৰু তেওঁৰ সাংগোপাংগই প্ৰতিদিনে যিবোৰ কুটকৌশল ৰচনা কৰি আহিছে তাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক খুৰধাৰ সমালোচনা কৰি গুৱাহাটী ৰাহুল গান্ধীৰ ৰোড শ্ব কৰাৰ ক্ষেত্ৰত সৃষ্টি কৰা প্ৰতিবন্ধকতাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাদ্দাই যি পথেৰে গুৱাহাটীত ৰোড শ্ব' কৰিছিল উক্ত পথেৰে ৰাহুল গান্ধীৰ ৰোড শ্ব' কৰিবলৈ অনুমতি দিবলৈ আহ্বান জনায় । ইফালে ৰাহুল গান্ধীয়ে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেলতো অংশ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment