ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰা : লখিমপুৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱ



লখিমপুৰ,২০ জানুৱাৰীঃ ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰা বিফল কৰিবলৈ লখিমপুৰত বিজেপিৰ একাংশ দুষ্কৃতিকাৰীয়ে লখিমপুৰ নগৰৰ বিভিন্ন স্থানত কংগ্ৰেছৰ হৰ্ডিং, বেনাৰ, পোষ্টাৰ ফালি পেলোৱাৰ লগতে লখিমপুৰ নগৰৰ দোকান পোহাৰ বলপূৰ্বক ভাবে বন্ধ কৰি দিয়াত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপি দলে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰিবলৈ বিভিন্ন কুট কৌশল ৰচনা কৰাৰ লগতে পেট্ৰল ডিপু বন্ধ কৰাৰ উপৰি  কংগ্ৰেছ দলৰ বেনাৰ, পোষ্টাৰ ফালি নিশ্চিহ্ন কৰে। ইফালে যোৱানিশা বেনাৰ পোষ্টাৰ লগাবলৈ অহা দুখন ট্ৰাকত বিজেপি দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ লগতে মাৰপিত কৰে। লগতৰ ভয় ভাবুকিৰে উক্ত স্থান এৰি যাবলৈ বাধ্য কৰে। এই ঘটনা সন্দৰ্ভত লখিমপুৰ সদৰ থানাত দুটাকৈ গোচৰ তৰাৰ কথা সদৰি কৰে সভাপতিগৰাকীয়ে। ট্ৰাকত আক্ৰমণ চলোৱা বাবে এটা গোচৰ আৰু বেনাৰ, পোষ্টাৰ, হৰ্ডিঙ ফলাৰ বাবে আন এটা গোচৰসহ দুটা গোচৰ তৰে। লখিমপুৰত বিজেপি কৰ্মীৰ এনে দুষ্কাৰ্যৰ বাবেই ৰাহুল গান্ধীয়ে লখিমপুৰত পদযাত্ৰা নকৰি লালুকত অনুষ্ঠিত হ'ব লগা দলীয় কৰ্মীসভাত অংশ গ্ৰহণ কৰি অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ যাত্ৰা কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment