কংগ্ৰেছ ত্যাগ কৰি অগপলৈ পুনৰ ঘূৰি আহিল অপূৰ্ব ভট্টাচাৰ্য
গুৱাহাটী,২৯ জানুৱাৰীঃ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰৰ দায়িত্বত থকা সদ্য পদত্যাগী অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই আজি অগপ দলত যোগদান কৰে। অগপৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ উপৰি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক পৱন শইকীয়া, তৃণমূল কংগ্ৰেছৰ নেতা মিহিৰ পাল, অসম জাতীয় পৰিষদৰ গোলঘাট জিলা সমিতিৰ সভাপতি অজিত গগৈ, সম্পাদক ৰাতুল সন্দিকৈ, অসীম শইকীয়া, গৌতম বৰুৱা, মুকেশ লইং, বিকাশ বৰা, গোৱালপাৰা মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মতৰ আলী আৰু মণ্ডলটোৰ বহুসংখ্যক কংগ্ৰেছৰ সদস্যসহ বিভিন্ন ৰাজনৈতিক দলৰ দুই শতাধিক বিষয়ববীয়াই আজি অসম গণ পৰিষদ দলত যোগদান কৰে। যোগদান কৰা সকলোকে দলত উষ্ম আদৰণি জনাই সভাপতি তথা মন্ত্রী অতুল বৰাই। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি অতুল বৰাই ন-পুৰণি সকলোৱে মিলিজুলি আহি থকা সময়ত অগপক অসমৰ জাতীয়তাবাদৰ এক নতুন শক্তিশালী স্তম্ভ হিচাপে গঢ়ি তোলাত হাত উজান দিয়াৰ আহ্বান জনায়। তেওঁ কয় যে আমাৰ দৃঢ় বিশ্বাস যে নতুনৰ উদ্যম আৰু পুৰণিৰ অভিজ্ঞতাৰে আমি অগপক নতুন ৰূপত উজ্জীৱিত কৰিবলৈ সক্ষম হ'ম। অনুষ্ঠানত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, সাধাৰণ সম্পাদককে ধৰি অন্যান্য বিষয়ববীয়াসকল, অগপৰ ভাতৃ-ভগ্নী সংগঠনসমূহৰ সভাপতি, সম্পাদক সমন্বিতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল।


0 Comments:
Post a Comment