নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন এন এইছ পি চিৰ শীৰ্ষ মহলৰ


লখিমপুৰ,২৮ জানুৱাৰীঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা ২০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনক্ষম প্ৰকল্পৰ কামকাজ পৰিদৰ্শন কৰে এন এইচ পি চিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক  আৰ বিষ্ণয়, সঞ্চালক(বিত্ত) আৰ পি গোৱেল, সঞ্চালক(কাৰিকৰী আৰু প্ৰকল্প) আৰ কে চৌধাৰী আৰু এন এইচ পি চি কৰ্পৰেট কাৰ্যালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে। এন এইছ পি চিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ লগতে সঞ্চালক (বিত্ত) আৰু সঞ্চালকে (কাৰিকৰী আৰু প্রকল্প) প্রকল্পটোৰ বিভিন্ন নিৰ্মিয়মান স্থান যেনে বান্ধ, শক্তিঘৰ আৰু অন্যান্য স্থান পৰিদৰ্শন কৰে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক ৰাজেন্দ্ৰ প্ৰসাদে চলি থকা নিৰ্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ বিষয়ে তেওঁলোকক অৱগত কৰে। প্ৰকল্প পৰিদৰ্শন কৰি এই পর্যন্ত কৰা কামৰ অগ্ৰগতিৰ শলাগ লৈ অধ্যক্ষ তথা পৰিচালন সঞ্চালকে ২০০০ মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে এন এইচ পি চিৰ দায়বদ্ধতাৰ কথা  উল্লেখ কৰে। ইয়াৰ পিছত অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ নেতৃত্বত প্ৰকল্প নিৰ্মাণৰ লগত জড়িত সকলো প্ৰধান ঠিকাদাৰৰ সৈতে প্রকল্প পর্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়। বৈঠকত চলি থকা নির্মাণ কাৰ্য্যৰ অগ্রগতি আৰু নিৰ্মাণ কামত সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়, যাতে প্রকল্পটো সোনকালে সম্পূৰ্ণ কৰিব পৰা যায়। সঞ্চালক (বিত্ত), সঞ্চালক(কাৰিকৰী আৰু প্ৰকল্প), এন এইচ পি চি কৰ্পৰেট কাৰ্যালয়ৰ কার্যবাহী সঞ্চালক আৰু সোৱণশিৰি  প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালকৰ লগতে প্ৰকল্পটোৰ সকলো বিভাগৰ মূৰব্বী সকলো সভাত উপস্থিত থাকে বুলি জনিবলৈ দিয়ে এন এইছ পি চিৰ উপ মহাপ্ৰৱন্ধক (জনসম্পর্ক) সঞ্জীৱ কুমাৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment