হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই প্ৰশ্নকাকত ফাদিলৰ ঘটনা


গুৱাহাটী,১৬ ফেব্ৰুৱাৰীঃ আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। কঠোৰ নিৰাপত্তাৰ মাজত ৰাজ্যত পুৱাৰে পৰা আৰম্ভ হৈছে পৰীক্ষা। কিন্তু আজি প্ৰথমটো দিনৰ পৰীক্ষা আৰম্ভনিৰ ৩০মিনিটৰ ভিতৰত কাছাৰত ফাদিল হ'ল প্ৰশ্নকাকত। ছ’ছিয়েল মিডিয়াত ভাইৰেল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত। কাছাৰৰ বাশকান্দি নেনা মিয়া পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ ৷ কেন্দ্ৰত নিয়োজিত শিক্ষক হায়দৰ হুছেইন মজুমদাৰে প্ৰশ্ন কাকত ফাদিল কৰাৰ অভিযোগ। লক্ষণীয় বিষয় যে এইবাৰ বিতৰ্কহীন ভাৱে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কঠোৰ হৈছিল ৰাজ্য চৰকাৰ ৷ পিছে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দুত ছেবা। উল্লেখযোগ্য যে শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজিৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষা ১৬ মাৰ্চলৈ চলিব। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যৰ মুঠ ৯১৩ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে আৰু পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪,২৭,৯২২ গৰাকী।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment