তিনিচুকীয়াত পষেকজোৰা কাৰ্যসূচীৰে ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক কাৰ্যসূচী



তিনিচুকীয়া,১৭ ফেব্ৰুৱাৰীঃ পষেকজোৰা কাৰ্যসূচীৰে আজিৰে পৰা তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে তথা নৱ- প্ৰজন্মক ধনাত্মক দিশত কৰ্ম সাংস্কৃতিৰে আগবঢ়াই নিবৰ বাবে সজাগতামূলক সভা তথা কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। যুৱপ্ৰজন্মৰ জীৱন উজ্জীৱিতকৰণৰ বাবে আয়োজন কৰা এই সমূহ কাৰ্যসূচীত  সমল ব্যক্তি তথা মুখ্য বক্তা হিচাপে উপস্থিত থাকিব প্ৰেৰণাত্মক বক্তা, অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া। ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে থাকিব বিভিন্ন দিশত সফলতা লাভ কৰা কেইবাগৰাকী বিশিষ্ট ব্যক্তি। তদুপৰি বিভিন্ন ক্ষেত্রৰ কেইবাগৰাকী সমল ব্যক্তিয়ে বক্তব্য আগবঢ়াব।আজি প্ৰথম দিনা তিনিচুকীয়া জিলাৰ টেকেৰী ৱাথৈ ইন্দ্ৰপুৰ যুৱক সংঘৰ উদ্যোগত ড্ৰাগছ তথা নিচাৰ বিৰুদ্ধে  যুৱ প্ৰজন্মৰ কৰ্মমুখিতা সন্দৰ্ভত এক কৰ্মশালাৰে এই পষেকজোৰা কাৰ্যসূচীৰ আৰম্ভ হ'ব। কাইলৈ অসম সত্ৰ মহাসভাৰ তিনিচুকীয়া জিলাৰ উদ্যোগত কাকপথাৰত এক বৃহৎ কাৰ্যসূচী অনুষ্ঠিত হ'ব যিটো অনুষ্ঠানত ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে কৃষি বিষয়া ডঃ ৰুবুল গোহাঁই উপস্থিত থাকিব। পষেকজুৰি অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠান সমূহৰ সকলো কাৰ্যসূচীতে অসম সত্ৰ মহাসভাৰ  তিনিচুকীয়া জিলা সমিতিৰ আৰু তিনিচুকীয়া হিউমেনীতি ফাউণ্ডেচনে তিনিচুকীয়াবাসীৰ পৰা সকলো দিশতে সহযোগিতা আগবঢ়োৱাৰ  বাবে আহ্বান জনোৱাৰ লগতে প্রতিখন সভাত উপস্থিত থাকিবলৈ  অনুৰোধ জনাইছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment