কামৰূপ মহানগৰ জিলাৰ সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ



গুৱাহাটী,১৯ ফেব্ৰুৱাৰীঃ অসমৰ সত্ৰৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে আজি কামৰূপ মহানগৰ জিলাত থকা বিভিন্ন সত্ৰৰ শাখা সত্ৰ আৰু সত্ৰৰ ভূমি পৰিদৰ্শন কৰে৷ সত্ৰ আয়োগৰ অধ্যক্ষ তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, আয়োগৰ অন্যতম সদস্য তথা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সদস্য সচিব আশোক কুমাৰ বৰ্মন, পৰামৰ্শদাতাদ্বয় মাধৱ প্ৰসাদ শৰ্মা আৰু অতুল দাসে অতিৰিক্ত জিলা আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ, দিছপুৰৰ চক্ৰ বিষয়া পাপু গগৈ, গুৱাহাটীৰ চক্ৰ বিষয়া ৰাজা বৈশ্য, সংশ্লিষ্ট এলেকাৰ লাট মণ্ডলক লগত লৈ গনেশগুৰিৰ কৰ ভৱনৰ সমীপত থকা শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ ভূমি, ছাত্ৰীবাৰীৰ টকৌবাৰীত থকা শ্ৰী শ্ৰী দক্ষিণপাট শাখা সত্ৰ, ফটাশিল আমবাৰীৰ শ্ৰী শ্ৰী আউনীআটি সত্ৰৰ ভূমি, সাউকুছিস্থিত শ্ৰী শ্ৰী বেঙেনাআটি সত্ৰ আৰু শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ নামত আবন্টিত ভূমি আৰু গীতা নগৰৰ শ্ৰী শ্ৰী দক্ষিণপাট শাখা সত্ৰ পৰিদৰ্শন কৰে৷ শাখা সত্ৰ আৰু সত্ৰৰ ভূমি পৰিদৰ্শনৰ অন্তত সত্ৰ আয়োগে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত সুমিত ছাত্তাৱান প্ৰমুখ্যে জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত সত্ৰসমূহৰ সত্ৰাধিকাৰৰ প্ৰতিনিধি আৰু শাখা সত্ৰসমূহৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ সত্ৰ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত সত্ৰৰ প্ৰতিনিধি আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াই তেওঁলোকে সন্মুখীন হোৱা অসুবিধা আৰু সমস্যাৰ বিষয়ে অৱগত কৰে৷ বৈঠকত সত্ৰ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই কয় যে আয়োগৰ কাৰ্যকাল অহা ৩১ মাৰ্চত অন্ত পৰিব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা সত্ৰসমূহ পৰিদৰ্শন কৰাৰ অন্তত আয়োগে কামৰূপ মহানগৰ জিলাৰ সত্ৰ পৰিদৰ্শন কৰাৰ লগতে সত্ৰৰ প্ৰতিনিধিৰে বাৰ্তালাপ কৰিলে৷ ইয়াৰ পিছতে আয়োগে প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰক দাখিল কৰিব৷ সত্ৰসমূহক সোনকালে তেওঁলোকৰ ভূমি সম্পৰ্কীয় সঠিক তথ্য দাখিল কৰিবলৈ আয়োগে আহ্বান জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment