তিনিচুকীয়াৰ বাৰেকুড়িত আজি বিশাল প্ৰেৰণাত্মক অনুষ্ঠান
তিনিচুকীয়া,১৯ ফেব্ৰুৱাৰীঃ আজি তিনিচুকীয়াৰ ২১খন গাঁও সামৰি বাৰেকুড়িত "দীঘল সাঁকো নৱজ্যোতি যুৱক সংঘ"ৰ উদ্যোগত মহিলা আৰু যুৱপ্ৰজন্মৰ উজ্জীৱিতকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ সন্দৰ্ভত এক বিশাল প্ৰেৰণাত্মক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে ১৭ ফেব্ৰুৱাৰীৰ পৰা পষেকজোৰা কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে তথা নৱ-প্ৰজন্মক ধনাত্মক দিশত কৰ্ম সাংস্কৃতিৰে আগবঢ়াই নিবৰ বাবে সজাগতামূলক সভা তথা কৰ্মশালা অব্যাহত আছে। যুৱপ্ৰজন্মৰ জীৱন উজ্জীৱিতকৰণৰ বাবে আয়োজন কৰা বিভিন্ন সামাজিক সংগঠনৰ কাৰ্যসূচী সমূহত সমল ব্যক্তি তথা মুখ্য বক্তা হিচাপে উপস্থিত থাকিব প্ৰেৰণাত্মক বক্তা, অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া। ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে আছে বিভিন্ন দিশত সফলতা লাভ কৰা ব্যক্তি। ইয়াৰোপৰি বিশেষ ভাবে সফলতা লাভ কৰা কৃষকে বক্তব্য আগবঢ়াব। ১৭ ফেব্ৰুৱাৰীত প্ৰথম দিনাৰ কাৰ্যসূচী শুভাৰম্ভ হয় তিনিচুকীয়া জিলাৰ টেকেৰী ৱাথৈ ইন্দ্ৰপুৰ যুৱক সংঘৰ উদ্যোগত। ইন্দ্ৰপুৰ যুৱক সংঘই লাতেশ্বৰ চেতিয়াৰ সঞ্চালনাত ড্ৰাগছ আদি নিচাৰ বিৰুদ্ধে যুৱ প্ৰজন্মৰ কৰ্মমুখিতা সন্দৰ্ভত এক কৰ্মশালাৰে উক্ত পষেকজোৰা কাৰ্যসূচীৰ আৰম্ভ কৰে। সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে প্ৰেৰণাত্মক বক্তা দেশৰ এগৰাকী বিশিষ্ট সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া। ডঃ শইকীয়াৰ লগতে উপস্থিত থাকে শিক্ষক টেৱন চন্দ্ৰ মৰাণ, স্থানীয় সমাজ কৰ্মী হেমেন বৰুৱা, মাৰ্ঘেৰিটা পঞ্চায়তৰ উপ সভানেত্ৰী অৰুনা চেতিয়া, স্থানীয় সামাজিক নেত্ৰী মায়া চেতিয়া, মৰাণ শ্বায়ত শাসিত পৰিষদৰ সদস্য উজ্জলতা দুৱৰাকে আদি কৰি দুই সহস্ৰাধিক লোক। ১৮ ফেব্ৰুৱাৰীৰ দিনা দ্বিতীয় দিনৰ কাৰ্যসূচী অসম সত্ৰ মহাসভাৰ তিনিচুকীয়া জিলাৰ উদ্যোগত কাকপথাৰৰ শ্ৰী শ্ৰী ভাগৱত অধ্যয়ন চক্ৰ প্ৰাংগণত বীৰেন মহন্তৰ সঞ্চালনাত অনুষ্ঠিত হয় নাৰী আৰু যুৱপ্ৰজন্মৰ সংস্কাৰমূলক তথা উজ্জীৱিতকৰণ সভা। উক্ত অনুষ্ঠানত ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে কৃষি বিষয়া ডঃ ৰুবুল গোহাঁই উপস্থিত থাকি সত্ৰাধিকাৰ, মহিলা নেত্ৰী যুৱ প্ৰতিনিধিক সম্বোধন কৰে। ভাষণ প্ৰসংগত কৃষি বিষয়া ডঃ ৰুবুল গোহাঁইয়ে কয় যে বৰ্তমান সময়তও জিলাখনৰ যুৱসমাজ কৃষিৰ প্ৰতি আকৃষ্ট হোৱা দেখা পোৱা নাযায়। তিনিচুকীয়াত ধান খেতিৰ লগতে বিভিন্ন ফল আৰু নাৰ্জী ফুলৰ খেতিৰে স্ববলম্বনৰ সন্দৰ্ভত বক্তব্য ৰাখে। সভাত মুখ্য বক্তা তথা প্ৰেৰণাত্মক হিচাপে ৰসাল আৰু সাৱলীল বক্তব্য আগবঢ়াই আন্তৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। ভাষণ প্ৰসংগত ডঃ শইকীয়াই কয় যে ড্ৰাগছ আসক্ত যুৱক সকলক মৰম আৰু আদৰেৰে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কামত জড়িত কৰাই ড্ৰাগছ আদি নিচাৰ পৰা মুক্ত কৰিব লাগিব। তেওঁ লগতে কয় যে আজিৰ যুৱতী ভৱিষ্যতৰ মাতৃ সেয়েহে যুৱতী আৰু মাতৃ সমাজে আগভাগলৈ নিজ নিজ সন্তানৰ মানসিকতা উৎকৰ্ষ সাধনৰ যোগেৰে সমাজ পৰিৱৰ্তন কৰি মানৱ জাতিৰ লগতে দেশৰ হকে আত্মনিয়োগ কৰিব পাৰি তেনে উদাহৰণমূলক বিস্তৃত বাখ্যা দাঙি ধৰে। উক্ত সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে উৱন সত্ৰৰ সত্ৰধিকাৰ বিষ্ণুৰাম গোস্বামী, লাজুম সত্ৰৰ সত্ৰাধিকাৰ উমেন মহন্ত, চেঙেলী সত্ৰৰ ডেকা অধিকাৰ নবীন মহন্ত, তিপুক আমগুৰি সত্ৰৰ সত্ৰাধিকাৰ, চুপঢ়া সত্ৰৰ সত্ৰাধিকাৰ, কাকপথাৰৰ স্থানীয় সমাজকৰ্মী নিত্যানন্দ গগৈ, অসম সত্ৰমহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰধান সম্পাদক দীপক পাটগিৰি, অৱসৰ প্ৰাপ্ত শিক্ষত্ৰী তথা শিশুকৰ্মী কুসুম প্ৰভা বুঢ়া গোহাঁই সতী ৰাধিকা মহিলা তীৰ্থৰ সভানেত্ৰী জোনালী চেতিয়া, সম্পাদিকা সুবৰ্ন গোঁহাইকে আদি কৰি প্ৰায় শতাধিক লোক উপস্থিত থাকে। আগন্তুক সমূহ অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে অসম সত্ৰ মহাসভাৰ তিনিচুকীয়া জিলা সমিতি, তিনিচুকীয়া হিউমেনীতি ফাউণ্ডেশ্যন আৰু বাৰেকুৰীৰ দীঘলসাঁকো নৱজ্যোতি যুৱ সংঘই সমূহ তিনিচুকীয়া বাসীৰ পৰা সকলো দিশতে সহযোগিতা আগবঢ়োৱাৰ লগতে উপস্থিত থাকিবলৈ আহ্বান জনাইছে।



0 Comments:
Post a Comment