ড্ৰাগছৰ বাবে ধ্বংস হৈছে যৌন জীৱন : ডঃ দিব্যজ্যোতি শইকীয়া
নিউজ ডেক্স,২৭ ফেব্ৰুৱাৰীঃ ড্ৰাগছৰ প্ৰভাৱ মানুহৰ যৌন জীৱনতো পৰে। এই কথা সদৰি কৰে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। বুধবাৰে তিনিচুকীয়া প্ৰেছ ক্লাৱত সাংবাদিকৰ সৈতে এক মত বিনিময় অনুষ্ঠানত প্ৰেৰণাত্মক বক্তা, অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই বহু কেইটা বিস্ফোৰক তথ্য প্ৰকাশ কৰাৰ লগতে প্ৰায় সংখ্যক সাংবাদিকে জিলাখনত সংঘটিত হৈ থকা নিচামুক্তি কেন্দ্ৰৰ অনিয়ম সন্দৰ্ভত বহু গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। উল্লেখযোগ্য যে অসম সত্ৰ মহাসভা তিনিচুকীয়া জিলা সমিতি আৰু হিউমেনিটি ফাউণ্ডেশ্যন নামৰ এক সংগঠনৰ উদ্যোগত তিনিচুকীয়াৰ প্ৰায় পোন্ধৰ স্থানত ডঃ দিব্যজ্যোতি শইকীয়াই মুখ্য বক্তা হিচাপে উপস্থিত থাকে। ডঃ শইকীয়াই তিনিচুকীয়া জিলাৰ উপৰি অৰুণাচল প্ৰদেশৰ নামচাইটো সদৌ লেকাং মহিলা সমিতি, লেকাং দিব্যাংগ সমিতি, লেকাং দেউৰী যুৱ ছাত্ৰ আৰু লেকাং মৰাণ ছাত্ৰ সংগঠনৰ উদ্যোগত বহুকেইটা অঞ্চলত তেওঁ কৰ্মশালাত ভাগ লয়। আজি তিনিচুকীয়াত সাংবাদিকৰে হোৱা এক মত বিনিময় অনুষ্ঠানত ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে ড্ৰাগছ গ্ৰহণৰ বাবে জিলা খনত বিবাহৰ উপযুক্ত যুৱকৰ অভাৱ। অসম তথা দেশত আজিলৈকে যৌন জীৱন বিপদাপন্ন হোৱা দিশটো ডঃ দিব্যজ্যোতি শইকীয়াই পোহৰলৈ আনে। ডঃ শইকীয়াৰ পূৰ্বে কোনো সমাজ কৰ্মী আৰু সংগঠনে পোহৰলৈ এনে গম্ভীৰ বিষয় পোহৰলৈ আনিবলৈ সক্ষম নাই হোৱা বুলি উপস্থিত সাংবাদিক সকলে উল্লেখ কৰে। সাংবাদিকৰ এক প্ৰশ্নত তেওঁ কয় যে অবাধ ড্ৰাগছৰ প্ৰচলনৰ বাবেই যে জিলাখনত এইচ আই ভিৰ দৰে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। আনহাতে প্ৰায় সকলো সংবাদ মাধ্যমে নিচামুক্তি কেন্দ্ৰ সমূহে কেৱল ব্যৱসায়ৰ স্বাৰ্থত চলায় আহিছে বুলি কৰা প্ৰশ্নত তেওঁ আংশিক সত্য হলেও সকলো নিচামুক্তি তেনে নহয় বুলিও তেওঁ উল্লেখ কৰে। আজিৰ অনুষ্ঠানত তেওঁৰ সৈতে জিলা সত্ৰ মহাসভাৰ সম্পাদক আৰু হিউমেনিটি ফাউণ্ডেশ্যন নামৰ সংস্থাতিৰ সদস্য মাহেন্দ্র বৰা উপস্থিত থাকে।

0 Comments:
Post a Comment