প্ৰখ্যাত গজল শিল্পী পংকজ উধাসৰ দেহাৱসান


নিউজ ডেক্স,২৬ ফেব্ৰুৱাৰীঃ প্ৰখ্যাত গজল শিল্পী পংকজ উধাস আৰু নাই। সোমবাৰে চিকিৎসাধীন অৱস্থাতে শিল্পীগৰাকীৰ মৃত্যু হয়। দহ দিন পূৰ্বেই মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেওঁক। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা শিল্পীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱাৰ খবৰ নাছিল কাৰো হাতত। একেদৰে তেওঁ নাছিল চৰ্চাত। কন্যা নায়াবে দিয়া এই খবৰৰ পিছতে সমগ্ৰ বলিউড জগতখন শোকাহত হৈ পৰিছে। একেদৰে শোকাহত হৈছে লাখ লাখ গজল প্ৰিয় ব্যক্তি। সামাজিক মাধ্যমত ভিন্নজনে শোক প্ৰকাশ কৰি তেওঁলৈ অন্তিম শ্ৰদ্ধা নিবেদন কৰিছে। ৭২ বছৰীয়া পংকজ উধাসক যোৱা ১০ টা দিনে চিকিৎসকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পাছতো তেওঁক সুস্থ কৰি তুলিব পৰা নগ'ল। দীঘলীয়া অসুস্থতাৰ অন্তত মৃত্যু হোৱা শিল্পীগৰাকীৰ শেষকৃত্য মঙ্গলবাৰে সম্পন্ন কৰা হ'ব। ১৯৫১ চনৰ ১৭ মে'ত গুজৰাটৰ জেটপুৰত জন্মগ্ৰহণ কৰা পংকজ উধাসে শৈশৱতে নিজৰ ঘৰতেই পাইছিল সংগীতৰ শিক্ষা। তেওঁৰ পৰিয়ালত আছিল সংগীতৰ এক পৰিৱেশ। তেওঁৰ জ্যেষ্ঠ ভাতৃ মনহৰ উধাস আছিল বলিউডৰ এগৰাকী প্ৰকৃত নেপথ্য কণ্ঠ শিল্পী। সেই পৰিৱেশেই তেওঁক সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠা লাভত যথেষ্ট সুবিধা প্ৰদান কৰিছিল। নিজৰ সাংগীতিক প্ৰতিভাৰ জৰিয়তে তেওঁ জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হয়।গজল সম্ৰাট হিচাপে পৰিচয় লাভ কৰাৰ পূৰ্বে পংকজ উধাসে হিন্দী ছবিৰ বাবে গীত গাবলৈ আৰম্ভ কৰিছিল। হিন্দী ছবিত তেওঁ বহু গীত গালে যদিও গজলেহে তেওঁক প্ৰকৃত পৰিচয় দিলে। লৈ গ'ল জনপ্ৰিয়তাৰ শিখৰলৈ। তেওঁৰ প্ৰথমটো গজল এলবাম আছিল 'আহত'। ১৯৮০ চনত মুক্তি লাভ কৰা এই গজল এলবামটোৰ প্ৰতিটো গজলেই আছিল উৰ্দু কবিতা। এই কবিতাক তেওঁ গজললৈ ৰূপান্তৰ কৰিছিল। ভাৰতীয় সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই তেওঁক সংগীত নাটক একাডেমী বঁটা, ফিল্ম ফেয়াৰ বঁটা, পদ্মশ্ৰী আদিৰ দৰে সন্মান প্ৰদান কৰা হৈছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment