অনিৰ্দিষ্টকালীন অনশনৰ দ্বিতীয় দিনাও চচল উত্তাল কৰিলে শিলসাঁকোৰ উচ্ছেদিত লোকে
গুৱাহাটী,২১ ফেব্ৰুৱাৰীঃ অসম বিধানসভাৰ বাজেট অধিবেশন চলি থকা সময়তে প্ৰতিবাদী কাৰ্য্যসূচী, চৰকাৰক তীব্ৰ সমালোচনা কৰি সংবাদমেল সম্বোধন কৰাৰ পাছত মঙলবাৰৰ পৰা চচলৰ নিৰ্ধাৰিত ধর্ণাস্থলীত অবিৰত ধৰ্মঘট কাৰ্য্যসূচীত বহিছে শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজ। আজি প্ৰায় দুটা বছৰে শিলসাঁকোৰ উচ্ছেদিতই পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপুৰনৰ দাবীৰে নিৰৱিচ্ছিন্ন ভাৱে বিভিন্ন প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি আহিছে যদিও বৰ্তমানলৈকে চৰকাৰে উচ্ছেদিত সকলৰ দাবী সমূহ পূৰণ নকৰাত চলিত বিধানসভা অধিৱেশনক লক্ষ্য কৰি শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেতৃত্বত জোৰদাৰ প্ৰতিবাদ গঢ়ি তুলিছে উচ্ছেদিত ৰাইজে। গুৱাহাটীক বানপানী নিৰ্মূল কৰাৰ স্বাৰ্থত শিলসাঁকো মুক্ত কৰাৰ লক্ষ্যৰে চৰকাৰ-প্ৰশাসন আৰু গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষই তিনিটা পৰ্যায়ত বৃহৎ আৰক্ষী বাহিনীৰ মোতায়েনেৰে জোৰদাৰ অভিযান চলাই ১২০০ টা পৰিয়ালক উচ্ছেদ কৰাৰ পাছৰে পৰা এই উচ্ছেদক বে-আইনী, আক্ৰোষ, বৈষম্যমূলক আখ্যা দি চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক ৰূপত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উচ্ছেদিত পৰিয়াল সমূহে। উল্লেখযোগ্য যে উচ্ছেদস্থলীত দীৰ্ঘদিনৰ পৰা অসমৰ থলুৱা লোক সকলে চৰকাৰৰ দ্বাৰা প্ৰদান কৰা ঘৰৰ নং, বিজুলী ,পানী ৰাস্তা-ঘাট, নলা-নৰ্দমাকে ধৰি প্ৰায় সকলোবোৰ সা-সুবিধা উপভোগ কৰি বসবাস কৰি অহাৰ সমান্তৰাভাৱে জিঞ্জাৰ, আইডিয়েল হিল ভিউ, আই চি এম, বদৰুদ্দিন আজমলৰ সম্পত্তি, পৃথিৱী গ্ৰীণচ, অমিয় কুমাৰ দাস ইনষ্টিটিউটকে ধৰি বিভিন্ন ধনী ব্যক্তি, পুঁজিপতি বণিয়া আৰু ৰাজনীতিকক ভূমি প্ৰদান কৰি আহিছে চৰকাৰে। তেনেস্থলত চৰকাৰৰ শেহতীয়া উচ্ছেদ অভিযানত বণিয়াৰ অট্টালিকা, ৰাজনীতিকৰ সম্পত্তি সম্পূৰ্ণ ৰূপে ৰক্ষণাবেক্ষণ দি কেৱল থলুৱা, দুখীয়া, মধ্যবিত্ত পৰিয়াল সমূহকহে উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে উচ্ছেদিত পৰিয়াল সমূহে। এই ক্ষেত্ৰত চৰকাৰে ১৭ টা প্ৰতিষ্ঠানৰ এখন তালিকা প্ৰস্তুত কৰি এমাহৰ ভিতৰত এই অট্টালিকা সমূহ ভাঙি দিয়া হব বুলি ঘোষণা কৰাৰ পাছতো কোনো ব্যবস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে আন্দোলনৰত উচ্ছেদিত পৰিয়াল সমূহে। এটা দিন পূৰ্বে সংবাদমেল অনুষ্ঠিত কৰি উচ্ছেদ প্ৰতিৰোধী ৰাইজে এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপনৰ সমান্তৰালভাৱ নিজৰ কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰা ঘৰখন ভাঙি দিয়াৰ পাছত দুখ আৰু বেদনা হব নোৱাৰি হৃদযন্ত্ৰ বিকল হৈ অথবা উচ্চ ৰক্তচাপ জনিত ৰোগত অকালতে কৰুণ মৃত্যুক আঁকোৱালি লোৱা সতীৰ্থ আন্দোলনকাৰী সকলৰ পৰিয়াল সমূহৰ উপস্থিতিত মৃত ব্যক্তি কেইজনৰ নাম আৰু ফটো ৰাজহুৱা কৰি চৰকাৰে তেওঁলোকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। মঙলবাৰৰ পৰা ৰূপায়িত ধাৰাবাহিক অৱস্থান কাৰ্য্যসূচীৰ আজি দ্বিতীয় দিনা মৃত ব্যক্তি কেইজনৰ ফটো আঁৰি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিবাদকাৰী সকলে। অবিৰত অৱস্থানৰ আজি দ্বিতীয় দিনাও পুৱা সতীৰ্থকেইজনৰ স্মৃতিত মাল্যাৰ্পন কৰি কাৰ্য্যসূচী আৰম্ভ কৰে প্ৰতিবাদকাৰী সকলে। আন্দোলনৰ নেত্ৰী গায়ত্ৰি বৰিয়ে তীব্ৰ উষ্মা প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কৈ যে আমি চৰকাৰৰ কোনো ভাবুকি লৈ ভয় নকৰোঁ। চৰকাৰে আমাৰ ওপৰত আন্দোলন বন্ধ কৰিবৰ কাৰণে তীব্ৰ চাপ সৃষ্টি কৰিছে, আমাৰ মাজত বিভাজন ঘটাব বিচাৰিছে। কিন্তু আমি এক হৈ আছোঁ আৰু থাকিম। আমাক চৰকাৰে পুনৰ সংস্থাপন দিবই লাগিব তাৰ বাবে আমি বদ্ধ পৰিপক্ক। আমি শেষ পয্যায় লৈকে যুঁজিম বুলি তেওঁ কয়। প্ৰদিবাদী কাৰ্যসূচীত অংশ লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়া আৰু আকাশ দলেই বক্তব্য প্ৰদান কৰে। ভাষণত বিদ্যুৎ শইকীয়াই কয় যে বসুন্ধৰা আঁচনি জৰিয়তে থলুৱা লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা বুলি ব্যাপক প্ৰচাৰ চলোৱা বিজেপি চৰকাৰৰ দিনত কেনেকৈ থলুৱা মানুহৰ মাটি কাঢ়ি বনিয়াক সুৰক্ষিত কৰা হৈছে। চৰকাৰে অতি সোনকালে উচ্ছেদিত প্ৰতিটো পৰিয়ালক পুনৰ সংস্থাপন নিদিলে সৃষ্টি হোৱা পৰিবেশৰ বাবে চৰকাৰে জগৰীয়া হ'ব বুলি তেওঁ কয়।


0 Comments:
Post a Comment