কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসৰ বিধায়ক পদ খাৰিজৰ বাবে বিধানসভাৰ অধ্যক্ষক আবেদন বিৰোধী দলপতিৰ
গুৱাহাটী,২৩ ফেব্ৰুৱাৰীঃ অৱশেষত বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষক আবেদন জনালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শুকুৰবাৰে বিৰোধী দলপতিয়ে বিধানসভাৰ অধ্যক্ষক দুয়োগৰাকী বিধায়কৰ পদ খাৰিজ কৰা বাবে যুক্তি দৰ্শাই আবেদন কৰে। উল্লেখ্য যে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। কংগ্ৰেছ দলতে থাকি এনেদৰে চৰকাৰখনক সমৰ্থন জনোৱা বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰিছিল। অৱশ্যে ইয়াৰ পূৰ্বেও কংগ্ৰেছৰ দুজন বিধায়ক শশীকান্ত দাস আৰু ছিদ্দিক আহমেদে চৰকাৰক সমৰ্থন জনাইছিল। যাৰ বাবে দুয়োজনকে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হৈছিল। কংগ্ৰেছ নিলম্বিত দুয়োজন বিধায়কৰ পাছত পুনৰ দুজন বিধায়কে চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়ায়। ইতিমধ্যে কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে প্ৰদেশ কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশ মৰ্মে প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে দলত থাকিয়েই চৰকাৰক মুকলৈ সমৰ্থন জনোৱা দুয়োজন বিধায়কলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। এইবাৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে অধ্যক্ষক আবেদন জনোৱা হৈছে।

0 Comments:
Post a Comment