'কা' সন্দৰ্ভত বিপৰীতমুখী বক্তব্য মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতিৰ : অভিযোগ আপৰ
গুৱাহাটী,১৪ মাৰ্চঃ অসমৰ জনসাধাৰণৰ প্ৰৱল প্ৰতিবাদকো অগ্ৰাহ্য কৰি অৱশেষত চৰকাৰে দেশজুৰি 'কা' বলবৎ কৰাৰ পাছত আম আদমী পাৰ্টিয়ে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে আপৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাই 'কা' সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰদেশ বিজেপিৰ সভাপতিৰ বিপৰীতমুখী ভাষ্যৰ তীব্ৰ সমালোচনা কৰে। দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এন আৰ চিত নাম নথকা কোনো লোকে কাৰ জৰিয়তে নাগৰিকত্ব নাপায়। আনহাতে অসমত 'কা' বলবৎ হলেও ২০-২৫ লাখ লোকে যদি নাগৰিকত্ব পায় তেন্তে তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব বুলি সদৰি কৰিছিল। মুখ্যমন্ত্ৰীৰ এনে ঘোষণাৰ এদিন পিছতে প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাই 'কা'ৰ জৰিয়তে অসমত নতুনকৈ কমেও ২০ লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰ আৰু শাসকীয় দলৰ মুৰব্বীৰ এনে পৰস্পৰ বিৰোধী বক্তব্যৰ আম আদমী পাৰ্টিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আনহাতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে 'কা' সন্দৰ্ভত কৰা বক্তব্যৰ বিৰুদ্ধেও সৰৱ হয় আপৰ মুখপাত্ৰ গৰাকী। গৃহমন্ত্ৰী শ্বাহৰ মতে দেশত কা বলবৎ হোৱাৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ অহা ২ কোটি লোকে নাগৰিকত্ব লাভ কৰিব। এনে ধৰণৰ বক্তব্যই অসমবাসীক ভীতিগ্ৰস্ত কৰিছে। আনহাতে কা বলবৎ হোৱাৰ ফলত অসমীয়া জাতি, ভাষা তথা সংস্কৃতি সংকটৰ সন্মুখীন হ'ব। এই সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমেল যোগে চৰকাৰক সকীয়াই দিছে। অসমীয়া ভাষা আৰু সংস্কৃতিৰ সংকটৰ প্ৰসংগ উল্লেখ কৰি আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে' কা' ৰ বিৰোধিতা কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ এই সময়োপযোগী পদক্ষেপৰ বাবে আম আদমী পাৰ্টিৰ ৰাজ্যিক সমিতিয়ে ধন্যবাদ জ্ঞাপন কৰে।

0 Comments:
Post a Comment