লখিমপুৰ বালিকা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গৱেষণা-চক্ৰ


লখিমপুৰ,১৪ মাৰ্চঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নাৰী শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু অৰ্থনীতি বিজ্ঞান বিভাগৰ সহযোগত ১৪ আৰু ১৫ মাৰ্চত দুদিনীয়া “মাইগ্ৰেছন, পলিটিক্স, নেচাৰেল ৰিচ’ৰ্ছ মেনেজমেণ্ট এণ্ড চেলেঞ্জেজ টু ছাচটেনেবল ডেভেল’পমেণ্ট ইন নৰ্থ-ইষ্ট ইণ্ডিয়া” শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা-চক্ৰ এখন আয়োজন কৰা হৈছে। ভাৰতীয় সামাজিক বিজ্ঞান অনুসন্ধান আয়োগে অনুদান আগবঢ়োৱা এই দুদিনীয়া গৱেষণা-চক্ৰখনত প্ৰথম দিনা অনলাইন আৰু অফলাইন উভয় পদ্ধতিৰে অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰ গৱেষক আৰু অধ্যাপক-অধ্যাপিকাই অংশ গ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সুৰজিত ভূঞা, পৰিচালনা সমিতিৰ সভাপতি জিতেন শৰ্মা, মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড০ মুকুন্দ ৰাজবংশীয়ে আলোচনা-চক্ৰখনৰ বিষয়বস্তুৰ ওপৰত সাৰগৰ্ভ বক্তব্য আগবঢ়ায়। আলোচনা-চক্ৰখনৰ সমল-ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক কৌস্তভ কুমাৰ ডেকা, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ আশ্বি লামা আৰু সেই একেই বিভাগৰ সহকাৰী অধ্যাপক ড০ অনুপ কুমাৰ দাসে। আলোচনা-চক্ৰখনৰ সমন্বয় ৰক্ষা কৰে লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যাপক ড০ কালিদাস ব্ৰহ্ম আৰু ড০ গোবিনচন্দ্ৰ বৰুৱাই।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment