বিশ্বৰ কোনখন ৰাষ্ট্ৰ সুখী : ভাৰতৰ স্থান ক'ত?


নিউজ ডেক্স,২৯ মাৰ্চঃ জীৱনটো ভালকৈ অতিবাহিত কৰিবৰ বাবে নিজকে সুখী কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। মানুহৰ মাজত সুখৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ২০ মাৰ্চত সুখী দিৱস পালন কৰা হয়। প্ৰতিজন লোকেই নিজক তথা আপোনজনক সুখী কৰি ৰখাৰ বাবেই যথাসাধ্য সকলো কৰে। পিছে পৃথিৱীৰ আটাইতকৈ সুখী দেশ কোনখন। বিশ্ব সুখ প্ৰতিবেদনত শেহতীয়াকৈ প্ৰকাশ পোৱা মতে ফিনলেণ্ড বিশ্বৰ আটাইতকৈ সুখী দেশ। একেৰাহে সপ্তমবাৰৰ বাবে ফিনলেণ্ডে লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথম স্থান। এই তালিকাত ভাৰতৰ স্থান ১২৬। আনহাতে আমাৰ চুবুৰীয়া দেশ পাকিস্তান এই তালিকাৰ ১০৮ স্থানত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আছে ২৩ স্থানত আৰু জাৰ্মানী আছে ২৪ স্থানত। জৰীপ কৰা ১৪৩ খন দেশৰ ভিতৰত একেবাৰে শেষত আছে আফগানিস্তান। বিশ্ব সুখ প্ৰতিবেদন যোৱা ১১ বছৰ ধৰি প্ৰস্তুত কৰি অহা হৈছে। ফিনলেণ্ডৰ বিষয়ে ক'বলৈ গ'লে, এই দেশৰ বেছিভাগ লোক দক্ষিণ অঞ্চলত বাস কৰে। ই অঞ্চল অনুসৰি ইউৰোপৰ অষ্টম বৃহত্তম দেশ আৰু জনসংখ্যা অনুসৰি ইউৰোপীয় ইউনিয়নৰ আটাইতকৈ কম জনবহুল দেশ। ইয়াত বতৰ অতি মনোৰম। গ্ৰীষ্মকালত ৰাতি ১০ বজাৰ পিছত অলপ আন্ধাৰ হয়। আনহাতে শীতকালত দিনটোৰ বেছিভাগ সময় আন্ধাৰ হৈ থাকে। এই দিনকেইটাত সূৰ্য দেৱতাক আবেলি কিছু সময়ৰ বাবেহে দেখা যায়।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment