

লখিমপুৰ,২৭ মাৰ্চঃ আগন্তুক লোকসভা নিৰ্বাচনত ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৫ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়নপত্ৰ দাখিল কৰে৷ আজি লখিমপুৰৰ ৰিৰ্টানিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰা পাঁচগৰাকী প্ৰাৰ্থী হৈছে কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ধীৰেণ কছাৰী আৰু তিনিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে বিক্ৰম ৰামচিয়াৰী, গোবিন বিশ্বকৰ্মা আৰু দেৱনাথ পাইট। লখিমপুৰ লোকসভা সমষ্টিৰ বাবে আজি মনোনয়ন দাখিল কৰা পাঁচগৰাকীসহ মঙলবাৰে মনোনয়ন দাখিল কৰা ৫ গৰাকীৰে মনোনয়ন দাখিল কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা হ’লগৈ ৯ গৰাকী। আজি কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ মনোনয়ন দাখিলৰ বাবে দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু মুখপাত্ৰ ডাঃ জয় প্ৰকাশ দাসসহ প্ৰায় তিনিসহস্ৰাধিক দলীয় নেতা, কৰ্মী আৰু সমৰ্থকে ঢোলে দগৰে জিলা কংগ্ৰেছ ভৱনৰ পৰা লখিমপুৰ নগৰৰ মাজেৰে এক সমদল উলিয়াই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত বিভিন্ন শ্লোগান দি এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে।লখিমপুৰ নগৰৰ মাজৰে উলিওৱা সমদল লখিমপুৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সামৰণি পৰাত দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু মুখপাত্ৰ ডাঃ জয়প্ৰকাশ দাসৰ উপস্থিতিত কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে৷ মনোনয়ন দাখিলৰ পূৰ্বে লখিমপুৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেলত দলৰ প্ৰাৰ্থীগৰাকীৰ লগতে সভাপতি ভূপেন বৰা, মুখপাত্ৰ ডাঃ জয়প্ৰকাশ দাস, প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইকে ধৰি ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে। সংবাদ মেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়- 'মই বিজেপিলৈ নাযাও, আপোনালোকে উদয় শংকৰক জিকাই দিয়ক, উদয় শংকৰৰ ভাগ্যৰ লগত লখিমপুৰৰ ভাগ্য নিৰ্ণয় হ’ব৷ ২০২৬ চনত মোৰ ঠিকনা হ’ব জনতা ভৱন আৰু হিমন্ত বিশ্ব শৰ্মাৰ ঠিকনা হ’ব বাজপেয়ী ভৱন৷ মই অসমৰ খাটিখোৱা মানুহৰ শক্তিশালী কণ্ঠ হয়৷' সভাপতি বৰাই লগত কয় - 'মই চাহ বাগিছা ক্ৰয় কৰা নাই, চেনেল-বাতৰি কাকতো খোলা নাই, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুজনৰ ভূতে খেদিছে, ইয়াৰে এজন হ’ল সৰ্বানন্দ সোণোৱাল আৰু আনজন হ’ল দিলীপ শইকীয়া। মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ ফাইল দিল্লীত ৰৈ আছে, ২০২৪ চনত অসমৰ মুখ্যমন্ত্ৰী বদলি হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহি থকা চকীত ঘূনে ধৰিছে নতুন চকী আনিব লাগিব। নতুন চকীত নতুন মানুহ বহিব।' তেওঁ কয় যে লখিমপুৰত পদুমৰ শিপা ৰোপন কৰিছিল উদয় শংকৰ হাজৰিকাই। আমি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলো বুলি সদৰি কৰি তেওঁ কয় যে মুখ্যমন্ত্রীয়ে মোৰ ঠিকনা বদলি কৰে, মুখ্যমন্ত্রীৰ ঠিকনা মইহে বদলি কৰি দিম। তেওঁ লগতে কয় - 'মই নিৰ্বাচনত হাৰিব পাৰো কিন্তু হাৰমনা নাই, মই ৰাইজৰ মাজত বনবাসত আছো, অজ্ঞাতবাসত নাই।'
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment