নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত কামৰূপ জিলাত জিলা আয়ুক্তৰ সংবাদমেল
উত্তৰ গুৱাহাটী,১৭মাৰ্চঃ নিৰ্বাচনী তাৰিখ ঘোষণাৰ পিছতে নিৰ্বাচন অনুষ্ঠিত কৰাকলৈ তৎপৰ হৈ পৰিছে কামৰূপ জিলা নিৰ্বাচনী কাৰ্যালয়। তাৰেই পৰিপ্ৰেক্ষিতত আজি দেওবাৰে কামৰূপ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত কৃৰ্তী জল্লীয়ে এখন সংবাদ মেল সম্বোধন কৰে। কামৰূপ জিলা নিৰ্বাচনী বিষয়াৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টি ক্ৰমে ছমৰীয়া, বকো- ছয়গাওঁ, শুৱালকুছি- হাজো আৰু পলাশবাৰী সমষ্টি। চাৰিটা সমষ্টিৰ মুঠ ভোটাৰ ৮ লাখ ৩৪ হাজাৰ ৪৬৮ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৪,১৬,৩২৪ গৰাকী , মহিলা ভোটাৰ ৪,১৮,১২৪ গৰাকী। মুঠ ভোট গ্ৰহন কেন্দ্ৰ ৯৬৫ টা আৰু মহিলা ভোট গ্ৰহন কেন্দ্ৰ ১৯টা। স্পৰ্শকাতৰ ভোট গ্ৰহন কেন্দ্ৰ ১৮৩ টা। নিৰ্বাচনী গতিবিধি নিৰীক্ষন আৰু ব্যবস্থা গ্ৰহনৰ বাবে ইতিমধ্যে সংশ্লিষ্ট পক্ষ কামত লাগিছে। কামৰূপ আয়ুক্ত কাৰ্যালয়ত আয়োজিত সংবাদমেল সম্বোধন কৰি এইদৰে কয় নিৰ্বাচনী বিষয়া তথা আয়ুক্ত কীৰ্তি জল্লীয়ে ।

0 Comments:
Post a Comment