মোদীৰ এম্বেচাদৰ হিচাপে দহ হাজাৰ অধিবক্তাই বিজেপিৰ হৈ প্ৰচাৰ চলাব অসমত


লখিমপুৰ,১৭ মাৰ্চঃ লখিমপুৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত আজি ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ জিলা আইন কোষৰ দ্বাৰা আয়োজন কৰা অধিবক্তা সন্মিলনত আদৰণী ভাষণ প্ৰদান কৰি জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই অধিবক্তা সকল সমাজৰ একো একোজন প্ৰৱোদ্ধ ব্যক্তি আৰু জনসাধাৰণৰ 'অপিনিয়ন মেকাৰ' বুলি উল্লেখ কৰে। লগতে সভাপতি গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক  তৃতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আধিষ্ঠিত কৰাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আগন্তুক নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অধিবক্তা সমাজক আহ্বান জনায়। দুই শতাধিক অধিবক্তাই অংশ গ্ৰহণ কৰা সভাখনত লখিমপুৰ জিলা আইন কোষৰ আহ্বায়ক ক্ষিৰোদ কাকতিয়ে উদ্দেশ্য বাখ্যা কৰে । সভাত সাংগঠনিক বক্তব্য প্ৰদান কৰি ভাৰতীয় জনতা পাৰ্টীৰ আইন কোষৰ ৰাজ্যিক আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়ে ২০১৪ চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ভাৰতীয় আইন ব্যৱস্থাৰ পৰা বৃটিছ যুগৰ গোলামী মানসিকতাৰ পৰিপূৰ্ণ আইন সমূহ সমাপ্ত কৰি ভাৰতীয় চিন্তন সংযোজিত নতুন আইন প্ৰণয়নৰ জৰিয়তে দেশৰ জনসাধাৰণক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হৈছে । এইবাৰ লোকসভা নিৰ্বাচনত সমগ্ৰ অসমৰ ১০ হাজাৰ অধিবক্তাই বিজেপিৰ হৈ প্ৰচাৰ চলাব বুলি উল্লেখ কৰে আহ্বায়ক গৰাকীয়ে। সভাত বিশিষ্ট অতিথি হিচাপে বিজেপিৰ জেষ্ঠ নেতা তথা অধিবক্তা মানিক হাজৰিকাই বক্তব্য প্ৰদান কৰি নৰেন্দ্ৰ মোদীক বিশ্বৰ শ্ৰেষ্ঠ নেতা বুলি অভিহিত কৰি অধিবক্তা সকলক নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা নিমিত্তে বিজেপিৰ হৈ প্ৰচাৰ চলাব বাবে আহ্বান জনায়। জিলা আইন কোষৰ সদস্য মাধৱ চন্দ্ৰ গগৈয়ে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠান আৰু  সহ-আহ্বায়ক দেৱজিৎ দত্ত বৰাই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত ৰাজ্যিক আইন কোষৰ সহ-আহ্বায়ক সত্যৱতী কোঁৱৰ, সদস্য দিপ্ত প্ৰসাদ গোস্বামী, বিজেপিৰ জিলা সাধাৰণ সম্পাদক ডিম্বেশ্বৰ গগৈ, লক্ষীমপুৰৰ জেষ্ঠ অধিবক্তা আৰূপ বৰা, লোক অধিবক্তা যজ্ঞেশ্বৰ শইকীয়া, ঢকুৱাখানা আইন কোষৰ আহ্বায়ক প্ৰশান্ত হিলৈদাৰী আদি বহুকেইজন ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সন্মিলনখনত উপস্থিত থকা লখিমপুৰৰ দুই শতাধিক অধিবক্তাই নৰেন্দ্ৰ মোদীৰ এম্বেচাদৰ হিচাপে ৰাজ্যখনৰ আন অধিবক্তা সকলকৰ লগত একত্ৰিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে সংকল্প গ্ৰহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment