'কা' বাতিলৰ দাবীত লখিমপুৰ আছুৰ বিশাল মটৰচাইকেল ৰেলী



লখিমপুৰ,৭ মাৰ্চঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ দাবীত আজি লখিমপুৰত আছুৱে বিশাল বাইক ৰেলীৰে নগৰখনৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ এই কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ দুৱৰা আৰু সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে অংশগ্ৰহণ কৰি এই আইন কোনো কাৰণতে খিলঞ্জীয়াই  গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে৷ এই ক’লা আইনখন অতিশীঘ্ৰে বাতিল নকৰিলে আৰু অধিক কঠোৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। এই কাৰ্যসূচীত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কৃষ্ণজ্যোতি হাজৰিকাই অংশগ্ৰহণ কৰি সাম্প্ৰদায়িক, খিলঞ্জিয়া বিৰোধী অসম চুক্তি উলংঘাকাৰী ‘কা’  কোনো কাৰণতে অসম তথা উত্তৰ পূৰ্বাঞ্চলে গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি ‘কা’ৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনী যুঁজ সমান্তৰাল ভাৱে চলি থাকিব বুলি ঘোষণা কৰে। যিকোনো প্ৰক্ৰিয়াৰে ‘কা’ বাতিল কৰিব লাগিব বুলি কয়৷ এই কাৰ্যসূচীত জিলা উপদেষ্টা ফৰিদুৰ ৰহমান, উত্তৰ লক্ষীমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিময় হাজৰিকা, সাধাৰণ সম্পাদক লিটু গগৈৰ লগতে জিলাখনৰ অন্তৰ্গত সমুহ আঞ্চলিকৰ পৰা পাচঁশ খন মটৰচাইকেল ৰেলীৰে বিভিন্ন কা' বিৰোধী শ্লোগান দি নগৰখনৰ আকাশ বতাহ কঁপাই তোলা হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment