প্ৰধানমন্ত্ৰীলৈ শতাধিক মহিলাৰ ধঁপাত বিৰোধী শ্লোগান প্ৰেৰণ


গুৱাহাটী,৭ মাৰ্চঃ আন্তৰ্জাতিক মহিলা দিৱসৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটীত এক সজাগতামূলক কৰ্মশালা আৰু শ্লোগান প্ৰতিযোগিতা অনুষ্ঠিত হয়। কনজিউমাৰ ভয়েছ-নতুন দিল্লী, জ্যোতিশিখা মহিলা সমন্বয় পৰিষদ, প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট আৰু ইনাৰ হুইল ক্লাব অফ গুৱাহাটী ইষ্টৰ সহযোগত পাঞ্জাবাৰীত অনুষ্ঠিত এই কৰ্মশালাত শতাধিক মহিলাই অংশ লয়। 'ধঁপাত বিৰোধী আইন অধিক কঠোৰ আৰু শক্তিশালী কৰি জীৱন ৰক্ষা কৰা' শীৰ্ষক কৰ্মশালাত ৰাজ্যৰ বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ ডি পি আগৰৱালাই 'ধঁপাতমুক্ত সুস্থ ভৱিষ্যত আৰু মহিলা সৱলীকৰণ' বিষয়ৰ ওপৰত মূল ভাষণ দি কয় - 'ধঁপাত যি কোনো ধৰণৰে নহওঁক কিয়, সেয়া অতি ক্ষতিকাৰক আৰু প্ৰাণঘাতক। শিশু আৰু যুৱ প্ৰজন্ম ধঁপাতৰ প্ৰতি আসক্ত হোৱাটো সমাজৰ বাবে অতি ভয়াৱহ। ধঁপাত সেৱন কৰা মহিলাৰ সংখ্যাও আমাৰ সমাজত বৃদ্ধি পাইছে আৰু এনে মহিলা বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ আছে। ধঁপাত সেৱনৰ ফলত হাঁওফাঁওৰ ওপৰত যথেষ্ঠ ক্ষতিকাৰক প্ৰভাৱ পৰে আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অভাৱনীয় ভাবে কমি যায়।' কৰ্মশালাত উপস্থিত থাকি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় - 'দেশৰ ৫০ শতাংশ কৰ্কট ৰোগৰ মূল কাৰণে ধঁপাত সেৱন। সমীক্ষা মতে অসমৰ ৩৩ শতাংশ মহিলা আৰু ৪৮.২ শতাংশ প্রাপ্তবয়স্ক লোকে ধঁপাত সেৱন কৰে। আমাৰ দেশত প্ৰায় ৪০ শতাংশ মহিলা নিজৰ ঘৰতে পৰোক্ষভাবে ধঁপাত সেৱনকাৰীৰ পৰা ক্ষতিগ্ৰস্ত হয়।' কৰ্মশালাত উপস্থিতি থাকি বিশিষ্ট লেখিকা তথা সমাজকৰ্মী স্বপ্নালী মহন্তই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ উদ্ধৃতি দি ধঁপাত জাতীয় বস্তুৰ আসক্তিৰ ফলত এজন লোক কিদৰে জীৱনত সকলো হেৰুৱাবলগীয়া পৰ্যন্ত হয় সেই বিষয়ে উল্লেখ কৰি ধঁপাত সেৱনৰ দৰে ভয়াবহ আসক্তিৰ পৰা মহিলাক ৰক্ষা কৰাৰ বাবে শক্তিশালী পদক্ষেপৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰে। ধঁপাত বিৰোধী শ্লোগান প্ৰতিযোগিতাত সমাজৰ বিভিন্ন স্তৰৰ শতাধিক মহিলা অংশ লয়। দেশৰ ধঁপাত বিৰোধী আইন অধিক কঠোৰ আৰু শক্তিশালী ভাবে বলবৎ কৰাৰ দাবীৰে মহিলা সকলে লিখা শ্লোগান প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়লৈ প্ৰেৰণ কৰা হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment