কেজৰিৱালৰ মহিলা সন্মান যোজনাক অনুকৰণ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক আহ্বান আপৰ


গুৱাহাটী,৫ মাৰ্চঃ দিল্লী বিধানসভাৰ বাজেট অধিৱেশনত ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ মহিলা সন্মান যোজনাৰ সম্পৰ্কে আজি এখন সংবাদমেল সম্বোধন ধৰে আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক মুখপাত্ৰ পুনম গগৈয়ে। গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত আহ্বান জনোৱা এই সংবাদমেলখনত উপস্থিত থাকি পুনম গগৈয়ে দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপৰ চৰকাৰে সদ্যহতে ঘোষণা কৰা “মহিলা সন্মান যোজনা” আৰু অসম চৰকাৰে চলাই থকা “অৰুণোদই আঁচনি”ৰ মাজত এক তুলনামূলক বিশ্লেষণ আগবঢ়ায়। ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে যে দিল্লী চৰকাৰে প্ৰায় ৬০ লাখ মহিলা অৰ্থাত দিল্লীৰ ৯০ শতাংশ মহিলাকে এই আঁচনিখনৰ যোগেদি সামৰি লৈছে। কিন্তু তাৰ বিপৰীতে এতিয়ালৈকে অসমত প্ৰচলিত অৰুণোদই আঁচনিৰ যোগেদি মাত্ৰ ১৯ লাখ মহিলাকহে সামৰি লোৱা হৈছে আৰু পৰৱৰ্তী সময়ত ২৭ লাখ মহিলাক সামৰি ল’ব। অসমৰ দৰে এখন অনগ্ৰসৰ ৰাজ্যত মাত্ৰ ১৯ লাখ মহিলাকহে সামৰি লোৱাতো এটা অতি দুৰ্ভাগ্যজনক কথা বুলি মন্তব্য কৰে মুখপাত্ৰ পুনম গগৈয়ে। সেইদৰে আশা কৰ্মীসকলৰ সম্পৰ্কে উল্লেখ কৰি ৰাজ্যিক মুখপাত্ৰ পুনম গগৈয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে অসমত এগৰাকী আশা কৰ্মীয়ে মাহত মাত্ৰ ৩০০০ টকাহে লাভ কৰাৰ বিপৰীতে দিল্লী চৰকাৰে এগৰাকী আশা কৰ্মীক ৬০০০ৰ পৰা ১১,০০০ টকালৈকে মাহিলী বেতন আগবঢ়ায়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখপাত্ৰ পুনম গগৈয়ে উল্লেখ কৰে যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে। এই অৱস্থাটোক সমাধান কৰি অসমক মহিলাৰ বাবে সুৰক্ষিত কৰিবলৈ ঠায়ে-ঠায়ে দিল্লী চৰকাৰৰ আৰ্হিৰে চি.চি টিভি স্থাপন কৰিব লাগে বুলি মন্তব্য কৰে ৰাজ্যিক মুখপাত্ৰ পুনম গগৈয়ে। সেইদৰে সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত মুখপাত্ৰ পুনম গগৈয়ে উল্লেখ কৰে যে মহিলাৰ শিক্ষাৰ ক্ষেত্ৰতো দিল্লীৰ তুলনাত অসম একেবাৰে পিছপৰি আছে। দিল্লীৰ মডেল বিদ্যালয়কে ধৰি বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহত চৰকাৰে মহিলাৰ দক্ষতা বিকাশ, সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰু সহঃপাঠ্যক্ৰমিক কাৰ্যকলাপৰ বিকাশ কৰি আছে আৰু বহুখিনি সফলতা লাভ কৰিছে। তাৰ বিপৰীতে অসম চৰকাৰে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহ দুৰ্বল আন্তঃগাঁথনি, কম শিক্ষক আৰু শিক্ষকক উপযুক্ত প্ৰশিক্ষণ প্ৰদান নকৰাকৈয়ে চলাই আছে। সংবাদমেলখনৰ সামৰণিত আপ, অসমৰ ৰাজ্যিক মুখপাত্ৰ পুনম গগৈয়ে অসম চৰকাৰক আহ্বান জনায় যে অসমৰ মহিলাসকলক অৰ্থনৈতিক, শৈক্ষিক আৰু সামাজিকভাৱে আগবঢ়াই নিবলৈ দিল্লী চৰকাৰৰ নীতিসমূহক অনুসৰণ কৰাটো উচিত। 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment