কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক,অধিক দুৰ্ঘটনা সংঘটিত স্থান পৰিদৰ্শন জিলা আয়ুক্তৰ
গুৱাহাটী,৬ মাৰ্চঃ কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত অনুষ্ঠিত হয়৷ বৈঠকত যোৱা ফেব্ৰুৱাৰী মাহত সংঘটিত দুৰ্ঘটনাবোৰৰ বিষয়ে আলোচনা কৰা হয়৷ মাৰ্চ মাহত মুঠ দুৰ্ঘটনাৰ সংখ্যা যাতে কমাব পাৰি তাৰ বাবে ইংৰাজী নৱবৰ্ষক আদৰাৰ সময়ত কৰাৰ দৰে তৎপৰতা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তই আৰক্ষী আৰু পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে৷ মহানগৰীৰ ভিতৰত জন সমাগম হোৱা স্থানত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়৷ জিলা আয়ুক্তই পদপথবোৰ পথৰ ব্যৱসায়ীয়ে দখল কৰি ৰখাৰ ফলত সাধাৰণ ৰাইজে মূল পথেৰে খোজকাঢ়ি অহা যোৱা কৰাৰ বাবেও বহুসময়ত দুৰ্ঘটনা সংঘটিত হয় বুলি পৰ্যবেক্ষণ দাঙি ধৰে৷ তেওঁ পদপথৰ পৰা দোকানসমূহ আতৰাবলৈ সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণৰ বাবে গুৱাহাটী পৌৰ নিগমক নিৰ্দেশ দিয়ে৷ বৰ্তমানলৈকে মুকলি হৈ থকা পদপথত আগন্তুক দিনত যাতে নতুনকৈ ব্যৱসায়ী বহিব নোৱাৰে তাৰ বাবে তাত 'পথৰ ব্যৱসায় নিষিদ্ধ এলেকা' ঘোষণা কৰিবলৈ তেওঁ আহ্বান জনায়৷ বৈঠকত জিলা উন্নয়ণ আয়ুক্ত পাৰিজাত ভূঞা, মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰা, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস প্ৰমুখ্যে পথ সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷ বৈঠকৰ অন্তত জিলা আয়ুক্তই মহানগৰ আৰক্ষী, পৰিবহণ বিভাগৰ বিষয়া, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াক লগত লৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ফেব্ৰুৱাৰী মাহত বেছিকৈ দুৰ্ঘটনা সংঘটিত হোৱা এলেকাসমূহ পৰিদৰ্শন কৰে।

0 Comments:
Post a Comment