জৰাজীৰ্ণ ছিংগল ইঞ্জিনযুক্ত আওপুৰণি নাৱেৰে সোৱণশিৰি নদীত চলিছে বিপদজনক যাতায়ত ব্যৱস্থা


লখিমপুৰ,২১মাৰ্চঃ ব্ৰহ্মপুত্ৰ নদীৰ নিমাতী ঘাটৰ ভয়াবহ ফেৰী দুৰ্ঘটনাৰ পাছতো ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ একো একো পৰিবৰ্তন নহ'ল। জিলা প্ৰশাসন, জল পৰিবহণ বিভাগৰ একাংশ বিষয়া-কর্মচাৰীৰ চূড়ান্ত অমনোযোগিতা আৰু দায়িত্বহীনতাৰ পৰিণতিত আন এক বিপৰ্যয়ৰ আশংকা প্ৰকাশ কৰিছে লখিমপুৰৰ ৰাইজে। লখিমপুৰ জিলাখনৰ পূব তেলাহীৰ সোৱণশিৰি নদীৰ ন-আলি বালি ঘাটত অবৈধ হাত নাও আৰু এটা ইঞ্জিনযুক্ত নাওৰ বিপদ সংকুল যাত্ৰাই ৰাইজক এই আশংকা ঘনীভূত কৰিছে। য'ত ৰাইজ শংকিত হৈ পৰিছে। সোৱণশিৰি নদীৰ ন-আলি  বালিঘাটত মাজুলীৰ লগতে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তলৈ হাত নাও আৰু এটা ইঞ্জিনযুক্ত ভটভটি নাৱেৰে যাত্ৰীসকলে বিপদসংকুলভাৱে প্ৰতিদিনে যাতায়ত কৰি আহিছে। এইকেইখন ভটভটী নাৱতে সাধাৰণ যাত্ৰীৰ লগতে এইসকল নাৱৰীয়াই বা লেছিয়ে বহনক্ষমতাতকৈ অধিক যাত্ৰী, মটৰ চাইকেল, গাড়ী আৰু অন্যান্য সামগ্ৰী ইপাৰ সিপাৰ কৰি আহিছে। দিনৰ ভাগৰ উপৰিও নিশা ৭ বজাপৰ্যন্ত এই ফেৰীঘাটেদি বিপদসংকুলভাৱে যাত্ৰী কঢ়িয়াই একাংশই চলাই আহিছে এই অবৈধ বেহা। উল্লেখ্য যে এই অবৈধ ফেৰী ঘাটত মাজে মাজে দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও পাৰঘাটৰ লেচীয়ে জিলা প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ অবৈধভাৱে ব্যৱসায় চলাই আহিছে। তাৰোপৰি  যাত্ৰীৰ বাবে  নাই কোনো বহা আসন। নাই বিপদৰ সময়ত ল'ব পৰা সুৰক্ষাৰ নূন্যতম ব্যৱস্থা। লাইফ জেকেটৰ নামেই শুনা নাই বহু যাত্ৰীয়ে। পাণ জপাদি মুকলিতে জাপি পাৰাপাৰ কৰে অসংখ্য যাত্ৰীক। ইচ্ছানুসৰি লেচীয়ে সংগ্ৰহ কৰি আহিছে যাত্ৰীৰ পৰা ভাড়া। পাৰাঘাট সমূহ পৰিদৰ্শন কৰিবলৈ জিলাখনৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী যায় যদিও ঘাটৰ লেচী অথবা নাৱৰীয়াৰ পৰা কমিচন সংগ্ৰহ কৰি নাওযাত্ৰীক ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দি পুনৰ এই অবৈধ বেহা চলাবলৈ লাইচেন্স প্ৰদান কৰে। দীৰ্ঘ দিন ধৰি নআলি বালিঘাটত   আওপুৰণি আৰু এটা ইঞ্জিনযুক্ত অথবা হাত নাও চলি থকাৰ ক্ষেত্ৰত অসম চৰকাৰ, লখিমপুৰ জিলা প্ৰশাসনক তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আতংকিত  ৰাইজে দাবী জনাইছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment