গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে
গুৱাহাটীৰ,২১ মাৰ্চঃ অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ। অহা মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুখনকৈ আই পি এলৰ মেচ। আজি এই বিষয়ে সদৰি কৰিছে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে৷ উল্লেখ্য যে কাইলৈৰ পৰা দেশত আৰম্ভ হ’ব ১৭ সংখ্যক আই পি এল৷ লোকসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি বি চি চি আয়ে ইতিমধ্যে প্ৰতিযোগিতাখনৰ পাৰম্ভিক সূচীহে ঘোষণা কৰিছে৷ অহা সপ্তাহত লীগৰ পৰবৰ্তী মেচৰ সূচী প্ৰকাশ কৰা হ’ব৷ ইফালে ব’ৰ্ডৰ সচিব জয় শ্বাহে ১৭ সংখ্যক আই পি এলৰ সকলো মেচ ভাৰততে হ’ব বুলি ব্যক্ত কৰিছে৷ আনহাতে আজি ৰঞ্জিত বৰঠাকুৰেও ৰাজস্থান ৰয়েলছে গুৱাহাটীত দুখনকৈ মেচ খেলাৰ বিষয়ে নিশ্চিত কৰিছে৷ সূচী প্ৰকাশ নকৰিলেও গুৱাহাটীৰ দূয়োখন মেচে মে’ত অনুষ্ঠিত হোৱাৰ বিষয়ে বৰঠাকুৰে ব্যক্ত কৰে৷ উল্লেখ্য যে পূৰ্বেতে অহা পাঁচ আৰু ১৬ মে’ত ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাত মেচ দুখন খেলাৰ কথা আছিল৷ কিন্তু গুৱাহাটী লোকসভা নিৰ্বাচনৰ ভোটদানৰ দিন অহা সাত মে’ত হোৱাত এতিয়া মে’ৰ তৃতীয়-চতুৰ্থ সপ্তাহত মেচ দুখন হ’ব৷ নিৰ্বাচনৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমী উৎকণ্ঠাত আছে এইবাৰ গুৱাহাটীত আই পি এলৰ মেচ হ’ব নে নাই৷ ৰাজস্থান ৰয়েলছ অসমৰ মৰমৰ দল৷ আমি অসম তথা উত্তৰ-পূৱৰ ক্ৰিকেটপ্ৰেমীক আই পি এল মেচৰ ৰোমাঞ্চৰ পৰা কোনো কাৰণতে বঞ্চিত নকৰো৷ যোৱাবাৰৰ দৰে এইবাৰো ৰাজস্থান ৰয়েলছে দুখন মেচ এ চি এৰ বৰ্ষাপাৰা ষ্টেডিয়ামত খেলিব৷ উল্লেখ্য যে বিশ্ব ক্ৰিকেটৰ সবাতোকৈ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ৷ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে দুখন ঘৰুৱা মেচ খেলিছিল৷ যিগৰাকী অসমীয়াৰ বাবে এই গৌৰৱ অসমে লাভ কৰিছিল তেৱে হ’ল আই পি এলৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছৰ অন্যতম স্বত্ত্বাধিকাৰী অসম জননীৰ সুদক্ষ সন্তান ৰঞ্জিত বৰঠাকুৰ৷ তেওঁ কয় যে আমি ধন ঘটিবলৈ অসমত আই পি এলৰ মেচ আয়োজন নকৰো৷ যোৱা বছৰ দুখন মেচ আয়োজনৰ বাবে খৰছ যিমানখিনি হৈছিল তাতকৈ কম ধন লাভ কৰিছো৷ তথাপি অসমীয়া হিচাপে মই প্ৰতিবছৰে গুৱাহাটীত খেল অয়োজন কৰাৰ সিদ্ধান্ত লৈছো৷ আই পি এল দুখন দেশৰ খেল নহয়৷ গুৱাহাটীত তিনিটা দলে খেলিব৷ প্ৰতিটো দলতে বিশ্ব ক্ৰিকেটৰ তাৰকাসকল আছে৷ সমগ্ৰ বিশ্বই গুৱাহাটীৰ আই পি এল উপভোগ কৰিব৷ অৰ্থাৎ অসম আৰু গুৱাহাটীৰ নামটো পৰিধি নথকাকৈ বিশ্বত উচ্ছাৰণ হ’ব৷ এয়া আমাৰ বাবে ইতিবাচক দিশ৷ পৰৱৰ্তী সময়ত ইয়াৰ সুপ্ৰভাৱ সকলো ক্ষেত্ৰতে পৰিব বুলি তেওঁ কয়। উল্লেখ্য যে এইবাৰ ৰাজস্থান ৰয়েলছে অহা ২৪ মাৰ্চত জয়পুৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব৷
.jpeg)

0 Comments:
Post a Comment