গাজাত যুদ্ধ অব্যাহত থাকিব: নেতানিয়াহু


নিউজ ডেক্স,২১ মাৰ্চঃ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ৰিপাব্লিকান চিনেটৰসকলক কয় যে গাজাত যুদ্ধ অব্যাহত থাকিব। বুধবাৰে ভিডিঅ’ কনফাৰেন্সত তেওঁ এই কথা কয়। আমেৰিকাৰ চিনেটৰ জন বাৰাছ’ই কয় যে আমি নেতানিয়াহুক যুদ্ধ পণবন্দীসকলক মুকলি কৰি দিয়া আৰু হামাছক পৰাস্ত কৰাৰ প্ৰচেষ্টাৰ আপডেট বিচাৰিছিলো। আমি তেওঁক ক’লোঁ - ইজৰাইলৰ নিজকে ৰক্ষা কৰাৰ অধিকাৰ আছে। তেওঁ ক'লে - ঠিক এইটোৱেই তেওঁলোকে কৰি আছে। ভিডিঅ’ কনফাৰেন্সত নেতানিয়াহুৱে কয় যে গাজাত এতিয়ালৈকে ২৮ হাজাৰ লোকৰ মৃত্যু হৈছে। এই সংখ্যা গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ অনুমানতকৈ প্ৰায় ৪ হাজাৰ কম। নেতানিয়াহুৰ সন্মিলনৰ এসপ্তাহ পূৰ্বে আমেৰিকাৰ চেনেটৰ সংখ্যাগৰিষ্ঠ নেতা ছাক শ্বুমাৰে ইজৰাইলত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনাইছিল। সেই সময়ত তেওঁ কয় যে ইজৰাইলকো বিশ্বজুৰি “বিচ্ছিন্ন” হোৱাৰ বিপদত পৰিছে। ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল। তেতিয়াৰ পৰাই ইজৰাইলৰ আক্ৰমণত গাজাত ৩১ হাজাৰৰো অধিক লোক নিহত হৈছে। ইয়াৰে এক বৃহৎ অংশ সাধাৰণ মানুহ। সমগ্ৰ বিশ্বতে ইজৰাইলৰ বিৰুদ্ধে সমালোচনা তীব্ৰতৰ হৈ পৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment