কেজৰিৱালৰ জৰুৰী শুনানি স্বীকাৰ নকৰিলে ন্যায়ালয়ে


নিউজ ডেক্স,২৩ মাৰ্চঃ দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত ২১ মাৰ্চত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বিমুখ হ'ল দিল্লী উচ্চ ন্যায়ালয়ত। শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ আৰু ৰাইউচ এভিনিউ আদলতে ২৮ মাৰ্চলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা নিৰ্দেশক প্ৰত্যাহ্বান জনাই জৰুৰী শুনানিৰ বাবে এক আৱেদন দাখিল কৰিছিল কেজৰিৱালৰ আইনী দলে। কিন্তু ন্যায়ালয়ে এই আৱেদন অগ্ৰাহ্য কৰি বিষয়টো জৰুৰী শুনানিৰ বাবে অস্বীকাৰ কৰে। উল্লেখ্য যে দিল্লীৰ বহু চৰ্চিত সুৰা কেলেংকাৰী গোচৰত অৰবিন্দ কেজেৰিৱালক প্ৰত্যক্ষভাৱে দোষাৰোপ কৰিছে ই ডিয়ে। ই ডিৰ দাবী দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ২০২২ৰ গোৱাৰ নিৰ্বাচনত আম আদমি পাৰ্টিৰ প্ৰচাৰত অপৰাধৰ দ্বাৰা আৰ্জিত ধন ব্যৱহাৰত প্ৰত্যক্ষভাৱে জড়িত আছিল। তদুপৰি ই ডিয়ে দৃঢ়তাৰে ন্যায়ালয়ত কৈছিল যে কেজৰিৱাল দিল্লীৰ সুৰা নীতি কেলেংকৰীৰ মূল ব্যক্তি, মূখ্য ষড়যন্ত্ৰকাৰী। তেওঁ দিল্লীৰ আন মন্ত্ৰী আৰু আপ নেতাৰ সহযোগত এই কেলেংকাৰী কৰিছে। ই ডিৰ দাবী অৰবিন্দ কেজৰিৱালে তেওঁৰ মুখ্যমন্ত্ৰীৰ পদবী ব্যৱহাৰ কৰি মানি লণ্ডাৰিং কাৰ্যকলাপ কৰিছিল। উল্লেখ্য দিল্লীৰ সুৰা নীতিৰ অনিয়মৰ অভিযোগ সন্দৰ্ভত চি বি আইয়ে ২০২২ চনৰ ১৭ আগষ্টত এক গোচৰ পঞ্জীয়ন কৰিছিল। এই গোচৰ পৰৱৰ্তী সময়ত ই ডিয়ে নিজৰ অধীনলৈ আনে আৰু ধন ৰপ্তানিৰ তদন্ত আৰম্ভ কৰে। এই গোচৰ ২০২২ৰ ২০ জুলাইত লেফটেণ্ট গৰ্ভণৰ ভি কে ছাক্সেইনাই দাখিল কৰা অভিযোগৰ ভিত্তিত পঞ্জীয়ন কৰা হৈছিল। এই গোচৰতে দিল্লীৰ তদানীন্তন উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙকো গ্ৰেপ্তাৰ কৰিছে ই ডিয়ে। একেদৰে ১৫ মাৰ্চত বি আৰ এছৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কে চি ৰাওৰ জীয়ৰী কে কবিতাকো গ্ৰেপ্তাৰ কৰিছে ই ডিয়ে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment