লখিমপুৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
লখিমপুৰ,১৪ মাৰ্চঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰুদ্ধে লখিমপুৰত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে। আজি লখিমপুৰত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা। এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বেলিকা আৰক্ষীয়ে প্ৰতিবাদকাৰী তিনি ছাত্ৰক আটক কৰি নিয়ে। ইপিনে তৃণমূল কংগ্ৰেছৰ জিলা সমিতিয়েও দলীয় কাৰ্য্যালয়ৰ সন্মুখতে কা'ৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি লখিমপুৰ চহৰৰ মাজ মজিয়াত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ যে 'কা' বলবৎ কৰি ১ কোটি ৯০ লাখ বাংলাদেশীক অসমত সংস্থাপন কৰি অসমীয়া জাতি ধ্বংসৰ ব্যৱস্থা কৰিছে। জাতিধংসী এই আইন আমি কেতিয়াও মানি নলও বুলি হুংকাৰ দিয়ে। ইপিনে আজি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই লখিমপুৰ নগৰৰ মাজমজিয়াত কা'ৰ বিৰোধীতাৰে ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে।

0 Comments:
Post a Comment