দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ


গুৱাহাটী,২ এপ্রিলঃ লোকসভা নিৰ্বাচনলৈ মাজত মাত্র কেইটামান দিন বাকী। অসমত তিনিটা পৰ্যায়ত ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে'ত নিৰ্বাচন অনুষ্ঠিত হ'ব। লোকসভা নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিয়ে ব্যাপক প্ৰচাৰ অভিযান ৰাখিছে। বিজেপিৰ ৰাজ্যিক, জিলা, মণ্ডল আৰু বুথ পৰ্যায়লৈকে প্ৰতিখন সমিতিৰ প্ৰতিজন কার্যকর্তাই ইতিমধ্যে সমাগত লোকসভা নিৰ্বাচনৰ বাবে পূর্ণ প্রস্তুতি অব্যাহত ৰাখিছে। উল্লখ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্মৃতি ইৰাণী, অর্জুন মুণ্ডাকে প্ৰমুখ্যে কৰি প্ৰতিজন নেতাই সমগ্ৰ দেশৰ প্ৰতিটো প্ৰান্ততে নির্বাচনী প্রচাৰত অংশ গ্ৰহণ কৰি দলৰ কাৰ্যকৰ্তা সকলৰ মনোবল বৃদ্ধি কৰি তুলিছে। ইফালে ৰাষ্ট্ৰীয় নেতা সকলে অসমতো কেইবাখনো নির্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰাৰ কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ে জনোৱা মতে প্ৰথম পৰ্যায়ৰৰ মনোনয়ন পত্র দাখিল হোৱাৰ পিছতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমত কেইবাখনো দলীয় সভা, পদযাত্রা, চাইকেল-বাইক ৰেলী কৰি নিৰ্বাচনী প্ৰচাৰক এক অনন্য মাত্ৰ প্ৰদান কৰিছে। প্ৰথম পৰ্যায়ৰ ভোট গ্রহণ হ'বলগীয়া প্ৰতিটো লোকসভা সমষ্টিত স্থানীয় বিধায়ক সকলৰ লগতে দলৰ প্ৰতিগৰাকী দায়িত্বপ্রাপ্ত কার্যকর্তাই ইতিমধ্যে বিগত কেইবাদিনো ধৰি বাহৰ পাতি সাংগঠনিক দিশটোক অধিক টনকিয়াল কৰি তুলিছে। ইফালে দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে ইতিমধ্যে দলৰ প্ৰাৰ্থী সকলো সাজু হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি ডিফুৰ প্ৰাৰ্থী অমৰছিং টিছ'ই মনোনয়ন পত্র দাখিল কৰে। কাইলৈ ৩ এপ্ৰিলত শিলচৰৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য আৰু কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপান্নাথ মাল্লাই মনোনয়ন দাখিল কৰিব। সেইদৰে ৪ এপ্রিলত দৰং-ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শ‍ইকীয়া আৰু নগাঁৱ সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাই মনোনয়ন পত্ৰ দাখিল কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ লগতে স্থানীয় বিধায়ক আৰু দলীয় নেতৃবৃন্দ প্ৰতিজন প্রার্থীৰ মনোনয়ন দাখিল অনুষ্ঠানত উপস্থিত থাকিব। আনহাতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰৰ হেতু অসমলৈ আহিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৭ এপ্ৰিলত হোজাইত আৰু ৮ এপ্ৰিলত লখিমপুৰত বিশাল নির্বাচনী প্ৰচাৰ সভা সম্বোধন কৰিব।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment