লোকসভা নিৰ্বাচনৰ বাবে তিনিটা পৰ্যায়ত স্থানীয় বন্ধ ঘোষণা


গুৱাহাটী,২ এপ্ৰিলঃ অসমত লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি সমূহ স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। অসমত তিনিটা পৰ্যায়ত ক্ৰমে ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে' অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। সেই অনুসৰি ১৯ এপ্ৰিলত ৫ টা লোকসভা সমষ্টিত, ২৬ এপ্ৰিলত ৫ টা আৰু ৭ মে'ত ৪ টা লোকসভা সমষ্টিত স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট লোকসভা সমষ্টিৰ এলেকা বন্ধ ঘোষণা প্ৰশাসনৰ। সেইদৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাওঁ লোকসভা সমষ্টিৰ এলেকা বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। আনহাতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৭ মে’ত বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ এলেকাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যৰ প্ৰশাসন বিভাগে লোকসভা নিৰ্বাচনৰ তিনিটা দিনৰ বন্ধৰ বাবে সুকীয়াকৈ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি এই তিনিটা দিনত লোকসভা সমষ্টিৰ এলেকাসমূহত সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, পি আৰ আই, নগৰীয়া স্থানীয় নিগম, শৈক্ষিক প্ৰতিষ্ঠান, ব্যৱসায়িক আৰু বাণিজ্যিক প্ৰতিষ্ঠানকে ধৰি বেংক, চাহ বাগিচা আৰু উদ্যোগ আদি বন্ধ থাকিব। উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ ‍নিৰ্বাচনৰ বাবে মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। পৰীক্ষণৰ অন্তত দুজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছিল। বৈধ হিচাপে বিবেচিত হোৱা ৩৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত এজনে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পাছত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে ৩৫ গৰাকী। সেই অনুসৰি কাজিৰঙা লোকসভা সমষ্টিত ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে ৮ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। লখিমপুৰ লোকসভা সমষ্টিৰ বাবে ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে ৩ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে যোৰহাট লোকসভা সমষ্টিৰ বাবে ৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইফালে ২৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে। দৰং-ওদালগুৰি লোকসভা সমষ্টিত এজন, ডিফু সমষ্টিত এজন, কৰিমগঞ্জ সমষ্টিত দুজন, শিলচৰ সমষ্টিত তিনিজন আৰু নগাওঁ লোকসভা সমষ্টিত দুজন প্রার্থীয়ে আজি মনোনয়ন পত্র দাখিল কৰে। দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন ৪ এপ্ৰিল।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment