কোভিশ্বিল্ড ভেকচিন লোৱাসকলৰ ছাইড এফেক্ট হোৱাৰ সম্ভাৱনাক স্বীকাৰ কৰিলে এষ্ট্ৰাজেনেকাই


নিউজ ডেক্স,৩০ এপ্ৰিলঃ কোভিড মহামাৰী ৰোধৰ হেতু এষ্ট্ৰাজেনেকাৰে ভেকচিন প্ৰস্তুত কৰিছিল (AstraZeneca)। উক্ত ভেকচিন পৰীক্ষাৰ সময়ত এগৰাকী মহিলা স্বেচ্ছাসেৱী অসুস্থ হৈ পৰাৰ খবৰ চৌদিশে বিয়পি পৰিছিল। জানিব পৰা মতে ভেকচিনৰ বেজী লোৱাৰ পিছতে এগৰাকী মহিলা স্বেচ্ছাসেৱক অচিন ৰোগত আক্ৰান্ত হয়। ব্ৰিটিছ-ছুইডেনৰ এই প্ৰতিষ্ঠানটোৱে প্ৰথমে মহিলাগৰাকী কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল সেয়া জনোৱা নাছিল। পিছত তেওঁলোকে এক বিবৃতিত কয় যে মহিলাগৰাকীৰ শৰীৰত স্নায়ুৰ ৰোগ ধৰা পৰিছে। তেওঁ হয়তো ট্ৰেন্সভাৰ্ছ মাইলাইটিছত আক্ৰান্ত আছিল। মহিলাগৰাকীয়ে মেৰুদণ্ড আৰু পেশীত অসহ্যকৰ বিষ অনুভৱ কৰিছিল। পিছত ব্ৰাজিলত অক্সফৰ্ড-এষ্ট্ৰাজেনেকা ভেকচিন পৰীক্ষাৰ সময়ত এজন স্বেচ্ছাসেৱকৰ মৃত্যুক লৈ হুলস্থুলৰ সৃষ্টি হয়। উল্লেখ্য  যে ভেকচিনৰ ড'জ দিয়াৰ পিছতে সেই স্বেচ্ছাসেৱকজনৰ শৰীৰত তেজ জমা হোৱা আৰম্ভ হৈছিল। তেওঁৰ শিৰাত তেজ জমা হৈ মৃত্যু হৈছিল। ইয়াৰ পিছত এষ্ট্ৰাজেনেকা আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা ডি এন এ ভেকচিনৰ পৰীক্ষাও বন্ধ কৰি দিয়া হয়। ব্ৰিটিছ-ছুইডেনৰ এই প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ ভেকচিনত ভুল থকা বুলি স্বীকাৰ কৰিব বিচৰা নাছিল। কিন্তু ইমান দিনৰ মূৰত পুনৰ জনা গৈছে যে ভাৰতত এষ্ট্ৰাজেনেকাই প্ৰস্তুত কৰা কোভিশ্বিল্ড (CoviShield) নামৰ ভেকচিনটো, সেই ভেকচিনৰ ড’জত বিৰল ৰোগ হোৱাৰ সম্ভাৱনা আছে। উক্ত ভেকচিন গ্ৰহণ কৰা কিছুমান লোকৰ থ্ৰম্ব’ছিছ বা তেজ জমা হোৱাৰ লক্ষণ দেখা গৈছে। দেখা দিয়া লক্ষণসমূহক চিকিৎসা বিজ্ঞানৰ ভাষাত থ্ৰম্ব’চাইট’পেনিয়া চিণ্ড্ৰম (TTS) বুলি জনা যায়। আনকি তেজত থকা প্লেটলেট বা অনুচক্ৰিকা কমি যোৱাও দেখা গৈছে। ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ত ইয়াকে লৈ গোচৰ ৰুজু কৰা হৈছে। এষ্ট্ৰাজেনেকা ভেকচিনৰ ফলত বিৰল ৰোগৰ লক্ষণ দেখা দিয়াৰ পিছত দাখিল কৰা হৈছে গোচৰ। AstraZeneca-ই স্বীকাৰো কৰিছে যে ভেকচিনৰ ডোজৰ বাবেই এনে পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি হৈছে।

বিশ্বৰ কোটি কোটি লোকলৈ কৰোনা ভাইৰাছে যেতিয়া মৃত্যুৰ ভাবুকি আনিছিল, তেতিয়া কোভিড ভেকচিনে আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াকলৈও বিভিন্ন মহলত বিভিন্ন ধৰণৰ মত পাৰ্থক্য হৈছিল। এটা গোটে দাবী কৰিছিল যে কম বয়সীয়া ডেকা লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধিৰ বাবে এই ভেকচিন দায়ী। লগতে বহুতে দাবী কৰে যে কোভিড আহি পোৱাৰ পিছতহে অকাল মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰত হাৰ্ট এটেকৰ সম্ভাৱনা কিয় বৃদ্ধি পায় সেই বিষয়েও আইচিএমআৰয়েও অধ্যয়ন কৰিছিল। এষ্ট্ৰাজেনেকাৰ এই ভেকচিনৰ ফলত এক বিৰল স্নায়ুজনিত বিকাৰৰো অভিযোগ উত্থাপন হৈছিল। কিন্তু অক্সফৰ্ড আৰু জেন্নাৰ বিশ্ববিদ্যালয়ৰ ভাইৰ’লজিষ্ট সকলে দাবী কৰিছিল যে ট্ৰেন্সভাৰ্ছ মাইলাইটিছ নামৰ স্নায়ুৰ ৰোগত আক্ৰান্ত ৰোগীৰ মেৰুদণ্ডৰ দুয়োফালে বিষ হয়। মেৰুদণ্ডৰ স্নায়ুত তীব্ৰ প্ৰদাহ আৰম্ভ হয়। কেতিয়াবা এই ৰোগত স্নায়ুবোৰে আৰু যোগাযোগ কৰিব নোৱাৰে। মগজুলৈ সংকেতো পঠিয়াব নোৱাৰে। ইয়াৰ ফলত স্পৰ্শানুভুতি হেৰুওৱা, পক্ষাঘাত, পেশীৰ বিষ, পেশীৰ খচখচনি, মূত্ৰাশয় আৰু আন্ত্ৰিক চিনড্ৰম আদিও দেখা দিয়ে। ভেকচিনৰ ডোজত এই ধৰণৰ স্নায়ুজনিত ৰোগ হোৱাৰ সম্ভাৱনা নাই।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment