সংৰক্ষণ সমাপ্ত কৰাৰ কথা ভিত্তিহীন : কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ


গুৱাহাটী,৩০ এপ্ৰিলঃ 'বিজেপি চৰকাৰে সদায়ে সংৰক্ষণৰ সমৰ্থন কৰি আহিছে আৰু কৰি যাব। কংগ্ৰেছ দলে বিজেপিয়ে সংৰক্ষণ সমাপ্ত কৰিব বুলি কোৱা কথাৰ ভিত্তিহীন।' - এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ। মঙলবাৰে গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে কংগ্ৰেছে মিছা কথা প্ৰচাৰ কৰি ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰে। বিজেপি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ'বিচিৰ বাবে সংৰক্ষণৰ সমৰ্থক আৰু সদায়ে ইয়াৰ ৰক্ষক হিচাপে ইয়াৰ ভূমিকা পালন কৰিব। তেওঁ লগতে কয় যে যদি কোনো ৰাজনৈতিক দলে সংৰক্ষণ লুণ্ঠন কৰিছে, তেন্তে সেয়া হৈছে কংগ্ৰেছ দল। তেওঁ কয় যে ৭ পৰ্যায়ৰ নিৰ্বাচনৰ ২টা পৰ্যায় শেষ হৈছে। এই দুটা পৰ্যায়ৰ পিছত আমাৰ দলৰ আভ্যন্তৰীণ মূল্যায়ন অনুসৰি বিজেপি আৰু ইয়াৰ মিত্ৰশক্তি একেলগে ১০০ অতিক্ৰম কৰিছে। ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থনৰ সৈতে ৪০০ অতিক্ৰম কৰাৰ আমাৰ লক্ষ্যৰ দিশে আমি আগবাঢ়িছো বুলি তেওঁ কয়। তেওঁ লগতে কয় - 'আমি অসম, বংগ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, উত্তৰাখণ্ড আদি সকলো ৰাজ্যতে বৃহৎ নিৰ্বাচনী সফলতা লাভ কৰিছো। ইয়াৰ লগতে দক্ষিণ ভাৰততো বিজেপিয়ে যথেষ্ট ভাল ফলাফল লাভ কৰিছে।' কিছু দিনধৰি কংগ্ৰেছে প্ৰচাৰ কৰি আহিছে যে বিজেপিয়ে ৪০০ অতিক্ৰম কৰাৰ পিছত সংবিধান সলনি কৰিব আৰু সংৰক্ষণ বাতিল কৰিব। এই দুয়োটা বস্তু ভিত্তিহীন আৰু সত্যহীন বুলি তেওঁ কয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment